গোৱালপাৰাত ৩ জনৰ দেহত ওলাল কোৰোনা কিন্তু নাৰ্ছ, স্বাস্থ্যকৰ্মীৰ বাবে নাই মাস্কৰ লগতে প্ৰতিৰোধী পোছাক…

গোৱালপাৰাত ৩ জনৰ দেহত ওলাল কোৰোনা কিন্তু নাৰ্ছ, স্বাস্থ্যকৰ্মীৰ বাবে নাই মাস্কৰ লগতে প্ৰতিৰোধী পোছাক…

ডিজিটেল সংবাদ, গোৱালপাৰা: স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বুধবাৰে মাজনিশা নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে দিল্লী নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহা গোৱালপাৰাৰ তিনিজনকৈ লোকৰ দেহত ঘাতক কোৰোনা ভাইৰাচ ধৰা পৰা বুলি ঘোষণা কৰাৰ পিছতে মাজনিশাৰ পৰাই সমগ্ৰ জিলাখনত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।মাৰত্মক কোভিড-১৯ ধৰা পৰা এই ব্যক্তি তিনিজনৰ দুজন গোৱালপাৰা চহৰৰ আৰু আনজন হ'ল মাটিয়া অঞ্চলৰ।

মহামাৰী কোৰোনা ভাইৰাচৰ সমগ্ৰ গাইডলাইন ওফৰাই দিল্লী নিজামুদ্দিন মাৰ্কাজলৈ তবলীগ জামাতৰ পৰা দেহত ঘাতক ভাইৰাচ কঢ়িয়াই সমগ্ৰ জিলা তথা ৰাজ্যখনৰ প্ৰতি বিভীষিকা কঢ়িয়াই অনা এই লোক তিনিজন হ'ল গোৱালপাৰা চহৰৰ ক্ৰমে: কিছমৎপুৰৰ কবিৰুদ্দিন ৰহমান(৪১),নয়াপাৰাৰ শ্বাহজাহান আলী আহমেদ(৬০) আৰু মাটিয়া চক্ৰৰ কাৰিপাৰা-বামুণপাৰাৰ ইউছুফ আলী(১৮)।উল্লেখ্য যে মঙলবাৰে নিশা বিভিন্ন উৎসই যোগান ধৰা নিৰ্ভৰযোগ্য খবৰৰ ভিত্তিত স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন স্থানৰ পৰা মুঠ বাৰজন ব্যক্তিক চিনাক্ত কৰি উদ্ধাৰ কৰে আৰু গোৱালপাৰা চহৰৰ আজাদ নগৰ(ফৰেষ্টগে'ট)স্থিত নগৰ স্বাস্থ্য আৰু কল্যান কেন্দ্ৰত এদল চিকিৎসকৰ নিৰীক্ষণত কোৱাৰেণ্টানত ৰাখে। আইছ'লেশ্যনত থকা এই বাৰজন ব্যক্তিৰ ভিতৰত দিল্লী ফেৰৎ এই তিনিজন লোকো আছিল।

১৪ দিন পূৰ্বে বহি:ৰাজ্য আৰু দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহা লোক ১২জনৰ দেহত কোৰোনা ভাইৰাচৰ উপস্থিত পৰীক্ষা কৰিবলৈ তেওঁলোকৰ নমুনা সংগ্ৰহ কৰি জিলা স্বাস্থ্য বিভাগে গুৱাহাটী জি এম চি এইচলৈ প্ৰেৰণ কৰিছিল।কোভিড ১৯ পৰীক্ষাৰ ফলাফলত দিল্লী ফেৰৎ ব্যক্তি তিনিজনৰ দেহত কোভিড-১৯ৰ ভাইৰাচৰ উপস্থিতি ধৰা পৰা বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে বৰবাৰে মাজনিশা বাৰ বজাৰ পিছত ঘোষনা কৰাৰ পিছতে জিলা স্বাস্থ্য বিভাগৰ মাজত নিশাই হুৱাদুৱা লাগে।নিশা তিনিমান বজাত ভাইৰাচত আক্ৰান্ত ব্যক্তি তিনিজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ ডেজিগনেটেড শিবিৰলৈ স্থানান্তৰিত কৰে চিকিৎসাৰ বাবে।

জিলা স্বাস্থ্য বিভাগে বৃহস্পতিবাৰে পুৱা কিছমৎপুৰৰ হোটেল ব্যৱসায়ী কবিৰুদ্দিন ৰহমান আৰু নয়াপাৰাৰ শ্বাহজাহান আলী আহমেদৰ পৰিয়ালৰ সদস্যসকল কোৱাৰেণ্টানত কৰি বাসগৃহ ছেনেটাইজ কৰিছে।থিক তেনেদৰে মাটিয়াৰ কাৰিপাৰা-বামুণপাৰাৰ ইউছুফ আলীৰ পৰিয়ালকো কোৱাৰেণ্টান কৰি বাসগৃহ ছেনেটাইজ কৰিছে।

উল্লেখ্য যে গোৱালপাৰা কিছমৎপুৰৰ প্ৰতিবেশী সচেতন লোক এজনে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণক জানিব দিয়া মতে, ৪০ দিনৰ বাবে দিল্লীলৈ জামাতি তবলীগলৈ যোৱা কবিৰুদ্দিন ৰহমানে নয়াপাৰাৰ শ্বাহজাহান আলী আহমেদ,কাৰিপাৰা-বামুণপাৰাৰ ইউছুফ আলী আৰু জনৈক আন এজন ব্যক্তিৰ সৈতে যোৱা ২০ মাৰ্চত ৰে'ল যোগে গোৱালপাৰা চহৰত পদাৰ্পন কৰে। ৪০ দিনীয়া তবলীগ(চিল্লা)সম্পন্ন কৰিবলৈ এই চাৰিজনৰ আৰু তিনিদিন বাকি আছিল।সেয়ে কবিৰুদ্দিন ৰহমানৰ নিজগৃহৰ ওচৰত থকা কিছমৎপুৰ মছজিদত আন তিনিজন সহযাত্ৰী ব্যক্তিৰ সৈতে কটাবলৈ বাহৰ পাতে।বিশ্ব জুৰি কোৰোনা ভাইৰাচৰ সংক্ৰমণৰ সময়ত এনেদৰে দিল্লী ফেৰৎ এই চাৰিজন ব্যক্তি মছজিদত থিতাপি লোৱাত সচেতন ৰাইজ সচকিত হৈ পৰে।

২১ মাৰ্চৰ নিশা কবিৰুদ্দিন ৰহমানে কাহি থকা বাবে চাৰিওজনকে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে স্থানীয় একাংশ সমাজ সচেতক ৰাইজে অসামৰিক চিকিৎসালয়লৈ নিয়ে।কিন্তু ৰাইজৰ অভিযোগ মতে চিকিৎসালয় কৰ্তৃপক্ষই ব্যক্তিকেইজনক এক-ডেৰ ঘণ্টাৰ মূৰতহে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰি ১৪দিনৰ বাবে নিজ ঘৰত আছুতীয়াকৈ থকাৰ পৰামৰ্শ দি দায়িত্ব সামৰে।চিকিৎসালয়ে কবিৰুদ্দিন ৰহমান আৰু আন তিনিজন ব্যক্তিক ১৪ দিনৰ বাবে নিজ ঘৰত আছুতীয়াকৈ থাকিবলৈ দিয়ে যদিও তেওঁলোকৰ দেহত কোৰোনা ভাইৰাচ আছে নে নাই তাৰ পৰীক্ষা কৰিবলৈ কোনো নমুনা সংগ্ৰহ নকৰাৰ লগতে বিগত এইকেইদিনে বিশেষ খা-খবৰো ৰখা নাছিল বুলি অভিযোগ উত্থাপিত হৈছে। অৱশ্যে কবিৰুদ্দিন ৰহমান দিল্লী নিজামুদ্দিন মাৰ্কাজলৈ গৈছিল বুলি বাৰ্তালাপত স্বীকাৰ কৰাৰ বিপৰীতে শ্বাহজাহান আলী আহমেদে দিল্লীলৈ যোৱা নাই বুলি দাবী কৰিছে।"

স্বাস্থ্য বিভাগৰ এই চৰম গাফিলতিৰ বাবেই দেহত ঘাতক কোৰোনা ভাইৰাচ লৈ কিছমৎপুৰৰ মছজিদত কবিৰুদ্দিন ৰহমানে শুক্ৰবাৰৰ সমুহীয়া নামাজ সম্পন্ন কৰাৰ লগতে নিজ পৰিয়াল আৰু প্ৰতিবেশীৰ সৈতে পৰহিলৈকে কোনো সামাজিক দূৰত্ব বজাই ৰখা নাছিল।কিন্তু শেষতীয়াকৈ দেশজুৰি আলোড়ণ সৃষ্টি কৰা দিল্লী নিজামুদ্দিন কাণ্ড পোহৰলৈ অহাৰ পিছতে আৰক্ষীৰ সহযোগত কিছমৎপুৰ, নয়াপাৰা আৰু কাৰিপাৰাৰ এই ব্যক্তি তিনিজনক স্বাস্থ্য বিভাগে নিজ নিজ গৃহৰ পৰা উদ্ধাৰ কৰি কোৱাৰেণ্টান কৰি কোৰোনা ভাইৰাচ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰি গুৱাহাটীলৈ প্ৰেৰণ কৰে।

ইপিনে বুধবাৰৰ পুৱতি নিশা তিনি মান বজাত চিকিৎসাৰ বাবে অসামৰিক চিকিৎসালয়লৈ অনা কোৰোনা আক্ৰান্ত ব্যক্তি তিনিজনক চিকিৎসাতো দূৰৰ কথা এটুপি খোৱাৰ পানীও যোগান ধৰা নাই বুলি কবিৰুদ্দিন ৰহমান আৰু শ্বাহজাহান আলী আহমেদে বিভিন্নজন নিকট আত্মীয়ক ম'বাইল ফোন যোগে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।এই অভিযোগৰ টেলিফোনিক বাৰ্তালাপ অসমীয়া প্ৰতিদিনেও লাভ কৰিছে।নিকট আত্মীয় এজনৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কবিৰুদ্দিন ৰহমান আৰু শ্বাহজাহান আলী আহমেদে দাবী কৰা মতে তেওঁলোকৰ দেহত নাই কোনো ঘাতক কোভিড১৯ৰ ভাইৰাচ।'চৰকাৰে চক্ৰান্ত কৰিয়েই আমাক এনেদৰে বন্দী কৰি ৰাখিছে,আমাৰ সন্দেহ হৈছে চিকিৎসাৰ নামত আমাক এতিয়া বিহ খুৱাই নামাৰিলে হ'ল'- বুলি তাৎপৰ্যমূলক মন্তব্য কৰে।অৱশ্যে কবিৰুদ্দিন ৰহমান আৰু শ্বাহজাহান আলী আহমেদে দিল্লী নিজামুদ্দিন মাৰ্কাজলৈ গৈছিল বুলি বাৰ্তালাপত স্বীকাৰ কৰিছে।

আনহাতে কোভিদ-১৯ ঘাতক আক্ৰান্ত ৰোগীসকলক চিকিৎসা কৰিবলৈ চিকিৎসালয়খনত নাই হেণ্ডগ্ল'ভছ, মাস্ক, ছেনিটাইজাৰ আদিকে ধৰি অত্যাৱশ্যকীয় পাৰ্চনেল প্ৰটেক্টচন ইকুপমেণ্ট (পি পি ই)।ইয়াৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে পুৱাৰে পৰা ক্ষোভত ফাটি পৰে অসামৰিক চিকিৎসালয়ৰ চিকিৎসক, নাৰ্ছ আৰু আন চিকিৎসা কৰ্মীসকলে। চিকিৎসালয়খনৰ আইছ'লেশ্যন কক্ষত তিনিজনকৈ ক'ভিড-১৯ৰ ৰোগীক থকা সময়তে চিকিৎসাকৰ্মীসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাই উদঙাই দিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ পয়ালগা স্বৰূপ।

জনসাধাৰণৰ জীৱন কিমান সুৰক্ষিত ৰাজ্যখনত সেয়া সহজে ওলাই পৰিছে এই ঘটনাত।কোনোধৰণৰ সুৰক্ষাজনিত ব্যৱস্থা নোহোৱাকৈ ক'ভিড-১৯ৰ ৰোগী কেইজনক এতিয়া চোৱাচিতা কৰিবলৈকো ভয় কৰিছে চিকিৎসক, নাৰ্ছ আৰু আন কৰ্মীসকলে।ফলত পুৱতি নিশাই চিকিৎসাৰ বাবে স্থানান্তৰিত কৰি অনা তিনিজনকৈ কোৰোনা ভাইৰাচত আক্ৰান্ত ৰোগীয়ে চিকিৎসাৰ পৰা বঞ্চিত হৈছে।এন ৯৫ মাস্ক আৰু পি পি ই নোহোৱাকৈ নিজৰ জীৱন বিপদাপন্ন কৰি কোভিড-১৯ ভাইৰাচত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা কৰাতো সম্ভৱপৰ নহয় বুলিও তেওঁলোকে স্পষ্ট কৰি দিয়ে সংশ্লিষ্ট কৰ্মীসকলে।উল্লেখ্য যে অসমত ক'ৰনা ভাইৰাছত আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পূৰ্বৰে পৰা সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ থকা দেখা গৈছে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক।

এনে সময়তে গোৱালপাৰা অসামৰিক চিকিৎসালয়ৰ ডেজিগনেটেড চেণ্টাৰত চিকিৎসা কৰ্মীসকলক প্ৰয়োজনীয় সুৰক্ষাৰ সা-সুবিধা প্ৰদান নকৰাৰ প্ৰতিবাদ আৰু ক্ষোভৰ উদগীৰণ হোৱাত সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত উঠিছে।সমালোচিত হৈছে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগ আৰু স্বাস্থ্য মন্ত্ৰীগৰাকী। চিকিৎসা কৰ্মীসকলৰ বাবে কোভিড-১৯ প্ৰতিৰোধী সামগ্ৰী ক্ৰয় কৰিবলৈ ২৩ মাৰ্চতে ৰাজ্য চৰকাৰে ১ কোটি ৬৫ লাখ টকা আৱণ্টন দিছে।তৎসত্বেও গোৱালপাৰাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে কোনো সামগ্ৰী ক্ৰয় কৰা নাই বুলি গুৰুতৰ অভিযোগ উঠিছে।(ফটো সংলগ্ন)

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in