গোৱালপাৰাত অব্যাহত চোৰাং কাঠ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা

গোৱালপাৰাত অব্যাহত চোৰাং কাঠ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰাত অব্যাহত আছে চোৰাং কাঠ ব্যৱসায়ীৰ কাঠৰ ৰমৰমীয়া বেহা ৷ একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে বনাঞ্চলৰ গছ কাটি ধ্বংসলীলা কৰি চলাই গৈছে কাঠৰ বেহা ৷ কৃষ্ণাই আঞ্চলিক বন বিভাগে বৃহস্পতিবাৰে নিশা প্ৰস্তাৱিত বনাঞ্চলৰ শাল গছ কাটি থকা অৱস্থাতে ৰাইজৰ সহযোগত এগৰাকী বনদুস্যক গ্ৰেপ্তাৰ কৰে ৷

জানিবপৰা মতে, কৃষ্ণাই বন বিভাগৰ অন্তৰ্গত ফফংগা বনাঞ্চলত তিনি গৰাকী লোকে নিশাৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বে-আইনী ভাৱে শালগছ কাটি আছিল ৷ তেনে সময়তে স্থানীয় ৰাইজে এজন লোকক হাতে লোতে আটক কৰি লপাথপা দি বন বিভাগৰ লোকক চমজাই দিয়ে ৷ ইফালে এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি আন দুজন লোক পলাবলৈ সক্ষম হয় ৷ ঘটনাৰ সন্দৰ্ভত স্থানীয় ৰাইজে কৃষ্ণাই বন বিভাগক খবৰ দিয়াত লগে লগে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাত চোৰাং ব্যৱসায়ৰ লগত যুৱকজনক বন বিভাগক চমজাই দিয়ে ৷ যুৱকজনৰ নাম আৰমিড চাংমা ৷ আটকাধীন যুৱকজনক এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ঘটনাস্থলীৰ পৰা ৬ টাকৈ শালগছৰ কুণ্ডা জব্দ কৰে বন বিভাগে ৷

উল্লেখ্য যোৱা দুদিন পূৰ্বে কৃষ্ণাই বন বিভাগৰ অন্তৰ্গত বৰঝাৰ প্ৰস্তাৱিত বনাঞ্চলৰ বিজয়পুৰত ৰাইজে সমহীয়া ভৱন নিৰ্মাণৰ বাবে বন ধ্বংসকাৰ্য চলাইছিল আৰু প্ৰায় অৰ্ধশতাধিক শালগছৰ কুণ্ডা জব্দ কৰে বন বিভাগে ৷ পিচত গাওঁখনৰ সভাপতি/সম্পাদকৰ বিৰুদ্ধে বন বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ কৰি থানাত গোচৰ ৰুজু কৰিছিল ৷ সম্প্ৰতি গোৱালপাৰাত বন বিভাগৰ চকুত ধূলি দি এনেদৰে একাংশ চোৰাং ব্যৱসায়ী চলাই গৈছে কাঠৰ বেহা ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in