আমফানঃ গোৱালপাৰা জিলাত সতৰ্কতা জাৰি…

আমফানঃ গোৱালপাৰা জিলাত সতৰ্কতা জাৰি…

ডিজিটেল সংবাদ, ধূপধৰাঃ 'আমফান' নামৰ ধুমুহাৰ আগমনকলৈ গোৱালপাৰা জিলাত বিশেষ সতৰ্কবাণী জাৰী কৰিছে জিলা প্ৰশাসনে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি অহা দুই তিনি দিনৰ ভিতৰত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লগতে অসমত প্ৰবল ধুমুহা আৰু বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ।

'আমফান' নামৰ সাগৰীয় ধুমুহাই উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ লগতে অসমতো প্ৰৱেশ কৰি ক্ষতিসাধন কৰাৰ আশংকা কৰা হৈছে। সেয়ে অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি গোৱালপাৰা জিলা প্ৰশাসনেও জিলাখনত বিশেষ সতৰ্কবাণী জাৰি কৰিছে।

প্ৰশাসনৰ তৰফৰ পৰা জিলাখনৰ সকলো ৰাজহচক্ৰ বিষয়াৰ লগতে সংশ্লিষ্ট বিভাগলৈ ইতিমধ্যে জৰুৰী বাৰ্তা প্ৰেৰণ কৰা হৈছে ৷ আনহাতে জিলাবাসীক এই ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে নদী সমূহত মাছমৰীয়া আৰু নাৱৰীয়াসকলক নাও চলাচল বন্ধ ৰাখিবলৈ প্ৰশাসনে আহ্বান জনাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in