গোৱালপাৰাত কোৰোনাৰ গণ সংক্ৰমণ! পুনৰ ৫ জন চি আৰ পি এফৰ জোৱানসহ ১৪জন কোৰোনা ত আক্ৰান্ত..

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰাত পুনৰ ১৪ জনৰ দেহত ঘাটক কোৰোনা ভাইৰাচৰ অৱস্থিতি ধৰা পৰিছে।স্বাস্থ্য বিভাগে ঘোষণা কৰা অনুসৰি এইসকলৰ ভিতৰত গোৱালপাৰা চহৰৰ বেলটোলাত থকা ১৫২ নং চি আৰ পি এফ বেটেলিয়নৰ ৫জনকৈ জোৱান কোৰোনাত আক্ৰান্ত হৈছে।বৰ্তমানলৈকে জিলাখনত ১৩১জনলৈ বৃদ্ধি হৈছে কোৰোনা আক্ৰান্ত ৰোগী।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰেও একেদিনাই ২১জনৰ দেহত কোৰোনা ভাইৰাচৰ উপস্থিত ধৰা পৰিছিল আৰু ইয়াৰ ভিতৰত বহুতৰে কোনো ভ্ৰমণ বুৰঞ্জী নাছিল।মাত্ৰ পাঁচ দিনৰ ব্যৱধানত অৰ্থাৎ সোমবাৰে নিশা পুনৰ ৫জনকৈ চি আৰ পি এফৰ জোৱানসহ ১৪জনকৈ লোক কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰে জিলাখনলৈ অশনি সংকট কঢ়িয়াই আনিছে।

শেহতীয়াকৈ ৰাজ্য খনত কোৰোনাৰ দ্ৰুত সংক্ৰমণ হোৱাৰ প্ৰতি লক্ষ্য কৰি জিলা আৰু আৰক্ষী প্ৰশাসনে এই মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে।স্থানীয় ৰাইজক সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ বাৰম্বাৰ আহ্বান কৰি আহিছে।কিন্তু ইমানৰ পিছতো অধিকাংশ ৰাইজে সচেতন হোৱা পৰিলক্ষিত হোৱা নাই।চহৰত শনি আৰু দেওবাৰক বাদ দি সামাজিক দূৰত্বক ভৰিৰে মোহাৰি হুৰাহুৰে ৰাইজ দোকানে-পোহাৰে প্ৰচণ্ড ভিৰ কৰা দেখা গৈছে।বিশেষকৈ জিলাখনৰ ধৰ্মীয় সংখ্যালঘু এলেকাসমূহত কোৰোনা ভাইৰাচৰ প্ৰতি কোনো ভয়-ভীতি নোহোৱা হোৱা দেখা গৈছে।

ঠিক তেনেদৰে হিন্দু ধৰ্মৰ বিবাহ অনুষ্ঠিত হোৱা মঠ-মন্দিৰসমূহতো বিবাহ অনুষ্ঠিত কৰাৰ নামত সামাজিক দূৰত্ব ভংগ কৰা পৰিলক্ষিত হৈছে।বিশেষকৈ কৃষ্ণাই টুক্ৰেশ্বৰী দেবালয়ত একে দিনাই তিনি- চাৰিখনকৈ বিবাহ অনুষ্ঠিত কৰি প্ৰচণ্ড ভিৰ কৰা পৰিলক্ষিত হৈছে।তদুপৰি স্বাস্থ্য আৰু জিলা প্ৰশাসনৰ নীতি-নিৰ্দেশনাক আওকাণ কৰি বহু লোকে ভিৰ ভাৰ এলেকাত অতিব প্ৰয়োজনীয় মাস্ক পৰিধান নকৰা দেখা গৈছে।মুঠতে জিলাখনত কোৰোনা ভাইৰাচে সহজে সামাজিক সংক্ৰমণ হোৱাৰ যেন বাট মুকলি কৰি দিছে একাংশ অবিবেচক ৰাইজে।

এনে সন্ধিক্ষণ চলিত সপ্তাহত ক্ৰমে: বৃহস্পতিবাৰে ২১ জন আৰু সোমবাৰে ১৪ জনকৈ লোক কোৰোনাত সংক্ৰমিত হোৱাৰ প্ৰতি লক্ষ্য কৰিলে জিলাখনত কোৰোনা ভাইৰাচৰ গণ সংক্ৰমণ আৰম্ভ হোৱাৰ স্পষ্ট ইংগিত বহন কৰিছে।সোমবাৰে কোৰোনাত আক্ৰান্ত হোৱা লোকসকল হ'ল ক্ৰমে: গোৱালপাৰা চহৰ নিৰঞ্জন মেধি(৪৩) আৰু ফাইজুল হক(২৭),পশ্চিম গোৱালপাৰাৰ ক্ৰমে: চুনাৰীৰ চামান আলী(৩৬),খৰমুজাৰ ডিম্বেশ্বৰ ডিহিঙীয়া (৫৫)আৰু ৰতন চন্দ্ৰ দাস(৪৮),ৰংচাইৰ হৰ কুমাৰ নাথ(৩০),জিয়াৰুল আলম হক(৩৯) আৰু আলাউদ্দিন শ্বেখ(৪২),

অসম-মেঘালয় সীমান্তৰ মেন্দিপথাৰৰ নলবাৰী ৰে'ল ষ্টেচনৰ খুচবু দেবী(২৯),গোৱালপাৰা চহৰৰ বেলটোলাৰ ১৫২ নং চি আৰ পি এফৰ বেটেলিয়ন কেম্পৰ পাঁচ জোৱান ক্ৰমে: নীৰজ কুমাৰ (৩৮),সুৰেশ দায়েপুৰ (৩৩),ঈশ্বৰ পাল(৩১)আবাদেশ (৩৮)আৰু সতীশ কুমাৰ(৪৬)।ৰোগীসকলৰ ভ্ৰমণ বুৰঞ্জী সন্দৰ্ভত স্বাস্থ্য আৰু জিলা প্ৰশাসনে অদ্যাপি একো বিতং তথ্য প্ৰকাশ কৰা নাই।সকলোকে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in