শেহতীয়া খবৰ
শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল… UPDATES  •  পদূলিত গামোচা আঁৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ১০ খন গাঁৱৰ

গোৱালপাৰাত বিগত ৪ দিনত দম্পতীসহ পথ দুৰ্ঘটনাত ৭ জনৰ শোকাৱহ মৃত্যু ,২ জনক হত্যা

115

ডিজিটেল সংবাদ,গোৱালপাৰাঃ ইংৰাজী নৱবৰ্ষৰ আনন্দ- উছাহৰ মাজতে ইটোৰ পিছত সিটো শোকাৱহ দুৰ্ঘটনা আৰু লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰিছে গোৱালপাৰাক।নতুনৰ আশা আৰু উদ্দীপনাৰে ভৰা ২০১৯ বৰ্ষৰ পহিলা দিনৰে পৰা বিগত চাৰিটা দিনত জিলাখনৰ বিভিন্ন স্থানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু আগিয়া-লক্ষীপুৰৰ এন ই চি পথত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত এহাল দম্পত্তীসহ সাতজনকৈ লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত হৈছে এক দজন পুৰুষ-মহিলা। লোমহৰ্ষক হত্যাকাণ্ডত এটি শিশু আৰু এজন শিক্ষকে হেৰুৱাইছে প্ৰাণ।পথ  দুৰ্ঘটনা আহত হৈছে ১২ পুৰুষ-মহিলা।

জিলাখন বিগত চাৰিটা দিনতে উপৰ্যুপৰি এটাৰ পিছত সংঘটিত আনটো দুৰ্ঘটনা আৰু হত্যাকাণ্ডত ৯জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হোৱাত স্বাভাৱিকতে জিলাবাসীক জোঁকাৰি যোৱাৰ লগতে শোকগ্ৰস্থ কৰি তুলিছে। উল্লেখ্য যে যোৱা ১ জানুৱাৰী অৰ্থাৎ নৱবৰ্ষৰ প্ৰথটো দিনতে বিয়লি চাৰিমান বজাত পশ্চিম গোৱালপাৰাৰ ৰংচাই আৰক্ষী চকীৰ অন্তৰ্গত দ্বাৰকাত তীব্ৰবেগী ট্ৰাক এখনে গজাপাৰাৰ টিকেন্দ্ৰজিৎ ৰাভা(২২)নামৰ মটৰ চাইকেল আৰোহীজনক মহতিয়াই থিতাতে প্ৰাণ লয়।যুৱজনে নিজৰ মটৰ চাইকেলখনেৰে সমনীয়াৰ স’তে নৱবৰ্ষ উদযাপন বাবে দ্বাৰকা বজাৰৰ পৰা মাংসৰ বজাৰ কৰি ঘৰলৈ ওভতাৰ পথতে এন ই চি পথৰ ওপৰত সংঘটিত হয় এই ঘটনা।

এয়া কেৱল কালিকা লগা নতুন বছৰৰ আৰম্ভনিহে আছিল।ইয়াৰ ৩ ঘণ্টামান পিছতে একেই স্থানৰ একেই পথৰ ওপৰত সংঘটিত হয় আন এক ভয়ানক পথ দুৰ্ঘটনা। আন এখন তীব্ৰবেগী ট্ৰাকে শ্ৰীসূৰ্য্য পাহাৰ পৰা নতুন বছৰটোত অপায়-অমংগল নহওঁক বুলি পূজা কৰি সন্ধিয়া ৭মান বজাত ঘৰলৈ ওভতাৰ পথতে ৰংচাইৰ এহাল বাইক আৰোহী দম্পতীক মহতিয়াই নিয়ে। ফলত থিতাতে নিহত হয় ৰতীন্দ্ৰ বৰ্মণ(৩৫)আৰু তেওঁৰ পত্নী জেৰিণা বৰ্মণ ৰাভা(৩০)।আগিয়া-লক্ষীপুৰৰ নৱনিৰ্মিত এন ই চি পথৰ দ্বাৰকাত তিনি ঘণ্টাৰ ব্যৱধানত দুখনকৈ তীব্ৰবেগী ট্ৰাকে এহাল দম্পতীসহ এজন সুঠাম যুৱক এজনক মহতিয়াই প্ৰাণ কাঢ়ি লোৱাত অঞ্চলবাসী আজিও শোকাৰ্ত্ত হৈ আছে।

একেদিনাই একেটা সমষ্টিৰ বগুবানত অপহৰণ কৰা ৰাখালডুবি এম ই মাদ্ৰাছাৰ ষষ্ঠ শ্ৰেনীৰ ইমদাদুল হক নামৰ ১৩ বছৰীয়া ছাত্ৰ তথা শিশু এটিৰ মৃতদেহ নিশা উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। যোৱা ত্ৰিশ ডিচেম্বৰতে ৰাখালডুবি চৰৰ একে গাঁৱৰ শ্বৰীফুল ইছলাম(১৭) নামৰ কিশোৰজনে ম’বাইলত ভিডিঅ’ দেখুওৱাম বুলি শিশুটোক ফুচুলাই অপহৰণ কৰিছিল। অপহৰণকাৰী অপৰাধী কিশোৰজনে ছাত্ৰ ইমদাদুলৰ পিতৃ আব্দুল কাচেমক টেলিফোন যোগে দাবী কৰা দহ লাখ আদায় নোপোৱা বাবেই ডিঙিত ৰছী লগাই হত্যা কৰে। কিশোৰজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।পশ্চিম গোৱালপাৰাৰ এই ছাত্ৰ হত্যাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ৰংজুলিত সংঘটিত হয় আন এক ৰহস্যজনক শিহৰণকাৰী হত্যাকাণ্ড।এইবাৰ অপৰাধীৰ জিঘাংসাৰ বলি হ’বলগীয়া হয় ৰংজুলি-খেৰপাৰাৰ ফুলবাহাৰ আলী(৫৪)নামৰ এজন শিক্ষক।ৰংজুলি দৰংগিৰিৰ পৰা কুশধোৱা হৈ মাটিয়া যোৱা পথৰ দেউলগুৰিত দুই জানুৱাৰীৰ নিশা বাইক আৰোহী শিক্ষক ফুলবাহাৰক অচিন দুৰ্বৃত্তই ধূপ জলাই ৰঙা কাপোৰ পাৰি চোকা দাৰে ডিঙি কাটি নৃশংসভাৱে হত্যা কৰে।কোনে কি কাৰণত এনেদৰে শিক্ষকজনক ৰহস্যপূৰ্ণভাৱে হত্যা কৰিছে বৰ্তমানলৈকে তাৰ কোনো তথ্য পোৱা নাই আৰক্ষীয়ে।

এই ঘটনাই সমগ্ৰ জিলাখনকে জোকাৰণিৰ সৃষ্টি কৰিছে।আনহাতে যোৱা শুকুৰবাৰে সন্ধিয়া ধুপধৰাৰ ধনুভাঙাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাক এখনক যাত্ৰী ভৰ্তি ইউংগাৰ এখনে প্ৰচণ্ড জোৰেৰে খুন্দিওৱাৰ ফলত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যাত্ৰী ভৰ্তি ইউংগাৰখন চূৰ্ণ-বিচূৰ্ণ হৈ চাৰিজনকৈ যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে সকলো যাত্ৰীয়েই আহত হয়।সৰ্বমুঠ এঘাৰজন যাত্ৰী গুৰুতৰভাৱে আহত হয়।থিতাতে নিহত হোৱা কেইজনক কৰেন্দ্ৰ ৰাভা(৪৮), ভূপেন্দ্ৰ ৰাভা(৬০), ফটিক ৰাভা(৬০) আৰু সুনিতা ৰাভা(২৩)বুলি চিনাক্ত কৰা হৈছে।

নিহত চাৰিওটা মৃতদেহ আজি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি আৰক্ষীয়ে নিজ নিজ পৰিয়ালক চমজাই দিয়ে।উল্লেখ্য দুৰ্ঘটনাটোত নিহত আৰু আহতসকল ডামৰাৰ একেখন গাঁৱৰ।আটায়ে চানডুবি মহোৎসৱৰ পৰা ওভতাৰ পথতে সন্ধি ৬.৩০ মান বজাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। খবৰ মতে বছৰটোৰ পহিলা দিনত আন এজন বাইক আৰোহীও দুৰ্ঘটনাত আহত হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি