গোৱালপাৰাৰ ধূপধৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

গোৱালপাৰাৰ ধূপধৰাত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰাৰ ধূপধৰাত দেওবাৰে পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত৷ ধূপধৰাৰ সাপ্তাহিক বজাৰগৃহৰ এটা কোণত উদ্ধাৰ হোৱা প্ৰায় ৫০ বছৰীয়া লোকজনৰ মৃতদেহটো পুৱা প্ৰত্যক্ষ কৰে একাংশ স্থানীয় লোকে। তাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।

ইফালে, বৰ্তমানলৈকে ব্যক্তিজনৰ পৰিচয় লাভ কৰা নাই আৰক্ষীয়ে। মৃতদেহটোত কোনো আঘাতৰ চিন স্পষ্ট নোহোৱাৰ বাবে এয়া স্বাভাবিক মৃত্যু বুলিয়ে সন্দেহ কৰিছে স্থানীয় লোকসকলে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in