শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

চৰকাৰী যোগাযোগত তাৰিখ আৰু চন উল্লেখৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ নিৰ্দেশনা…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে যোৱা ২৮ অক্টোবৰ, ২০২১ অৰ্থাৎ বৃহস্পতিবাৰে এক অধিসূচনাযোগে সকলো চৰকাৰী যোগাযোগত তাৰিখ আৰু চন উল্লেখৰ ক্ষেত্ৰত কিছু নির্দেশনা জাৰি কৰিছিল। সেই অনুসৰি সকলো চৰকাৰী যোগাযোগত অসমীয়া কেলেণ্ডাৰৰ লগতে গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰ অনুসৰি তাৰিখ আৰু চন উল্লেখ থাকিব লাগিব বুলি এক নিৰ্দেশনা চৰকাৰে জাৰী কৰিছে।

সেইদৰে বৰাক উপত্যকাত থকা কার্যালয়সমূহে তেওঁলোকৰ কাৰ্যালয়ৰ পৰা কৰা চৰকাৰী যোগাযোগত বাংলা কেলেণ্ডাৰৰ লগতে গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰ অনুসৰি আৰু বড়োলেও টেৰিট’ৰিয়েল এলেকাত থকা কার্যালয়সমূহে চৰকাৰী যোগাযোগত বড়ো/স্থানীয় কেলেণ্ডাৰৰ লগতে গ্রেগ’ৰিয়ান কেলেণ্ডাৰ অনুসৰি তাৰিখ আৰু চন উল্লেখ কৰিব লাগিব।