এইবাৰ ম’বাইল চুৰি কৰি মহানগৰ আৰক্ষীৰ জালত চৰকাৰী বিভাগৰ উপ-সঞ্চালক, চিচি টিভিত বন্দী দৃশ্য… VIDEO

এইবাৰ ম’বাইল চুৰি কৰি মহানগৰ আৰক্ষীৰ জালত চৰকাৰী বিভাগৰ উপ-সঞ্চালক, চিচি টিভিত বন্দী দৃশ্য… VIDEO

ডিজিটেল ডেস্কঃ ৰাজ্যত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰিকাণ্ড। টকা উপাৰ্জনৰ বাট হিচাপে একাংশই বাচি লয় চুৰি কাৰ্যক। কিন্তু আপুনি জানি আচৰিত হ'ব যে এগৰাকী চৰকাৰী চাকৰিয়ালো হ'ব পাৰে চোৰ। এই ঘটনা আন স্থানত নহয়, গুৱাহাটী মহানগৰীতে সংঘটিত হৈছে।

গুৱাহাটীৰ সাতগাঁওত এখন ম'বাইলৰ দোকানৰ পৰা ম'বাইল চুৰি কৰি আৰক্ষীৰ জালত পৰিল অসম চৰকাৰৰ নগৰ পৰিকল্পনা বিভাগৰ এজন উপ-সঞ্চালক। তেওঁ কেনেকৈ এই চুৰি কাণ্ড সংঘটিত কৰিলে সেই সমগ্ৰ দৃশ্য ইতিমধ্যে চিচি টিভি কেমেৰাত বন্দী হৈছে। জানিব পৰা মতে, এই উপ সঞ্চালকগৰাকীৰ নাম মঃ আলি আশ্ৰফ। ইতিমধ্যে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in