লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন…

লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন…

ডিজিটেল ডেস্কঃ কোভিড-১৯ৰ বাবে ৰাজ্যৰ বিশ্ববিদ্যালয় আৰু কলেজসমূহৰ শিক্ষকক এই সংকটৰ সময়ত পৰামৰ্শ দানৰ উদ্দেশ্যে ৰাজ্যপালে এখন উচ্চস্তৰীয় কমিটী গঠন কৰিছে। এই কমিটীখন গঠন কৰা হৈছে কেইবাজনো উপাচাৰ্য, শিক্ষাবিদ তথা শিক্ষা বিভাগৰ বিষয়াক লৈ।

কমিটীখনত আছে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈ,শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্ছিটী অৱ হেলথ ছায়েঞ্চৰ উপাচাৰ্য দীপিকা ডেকা, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মালিনী গোস্বামী, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিৰিঞ্চি কুমাৰ দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰঞ্জিত তামুলী, উচ্চ শিক্ষা সঞ্চালকালয়ৰ আয়ুক্ত সচিব, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ননী গোপাল মহন্ত, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰজ্যোতি মহন্ত, সুৰেণ দাস কলেজ, হাজোৰ অধ্যক্ষ হিৰণ্য কুমাৰ শৰ্মা, কলেজসমূহৰ অধ্যক্ষ সকলৰ কাউন্সিলৰ সম্পাদক সত্যেন্দ্ৰ নাথ বৰ্মন, উচ্চ শিক্ষা তথা কাৰিকৰী শিক্ষা আৰু স্বাস্থ্য শিক্ষা সঞ্চালকালয়ৰ সঞ্চালকসকল।

এই কমিটীখনে কিছু পৰামৰ্শ প্ৰস্তুত কৰিব সকলো উপাচাৰ্য আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষৰ বাবে। মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহ খোলাৰ পূৰ্বে তেওঁলোকে এই পৰামৰ্শলানি প্ৰদান কৰিব। কেতিয়া শিক্ষানুষ্ঠানসমূহ খুলিব আৰু কিধৰণে এই সময়ৰ ক্ষতিপূৰণ কৰিব পৰা যায় তাৰ ওপৰতো পৰামৰ্শ প্ৰদান কৰিব পৰা যায়। ২৯ মে', ২০২০ত এই সন্দৰ্ভত ৰাজভৱনৰ পৰা জাননী জাৰি কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in