নাগৰিকত্ব সংশোধনী আইনক লৈ মেঘালয়ৰ ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য- ‘যদি এই আইন নিবিচাৰে তেন্তে উত্তৰ কোৰিয়ালৈ যাওঁক’

নাগৰিকত্ব সংশোধনী আইনক লৈ মেঘালয়ৰ ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য- ‘যদি এই আইন নিবিচাৰে তেন্তে উত্তৰ কোৰিয়ালৈ যাওঁক’

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধীন আইনৰ বিৰুদ্ধে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত প্ৰতিবাদ অব্যাহত আছে। তাৰ মাজতে এই আইন খনৰ প্ৰতি সমৰ্থন জনাই এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিল মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰায়ে।

শুকুৰবাৰে তেওঁ এক টুইটত পৰোক্ষভাৱে নাগৰিকত্ব আইনৰ সমৰ্থন জনায়। টুইটত তেওঁ কয় যে যিসকলে বিভাজনকাৰী গণতন্ত্ৰ নিবিচাৰে, তেনে লোকসকল উত্তৰ কোৰিয়ালৈ গুছি যাওক। ৰাজ্যপাল তথাগত ৰায়ৰ এনে বিতৰ্কিত টিপ্পনীৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন জনে।

ৰাজ্যপাল গৰাকীয়ে টুইটত লিখিছে, 'বৰ্তমানৰ বিবাদমান পৰিস্থিতিত দুটা কথা কেতিয়াও পাহৰি যোৱা অনুচিত- ১. দেশক এসময়ত ধৰ্মৰ নামত বিভাজিত কৰা হৈছিল। ২. গণতন্ত্ৰ নিশ্চিত ৰূপত বহুমাতৃক। যদি আপুনি এয়া নিবিচাৰে, তেন্তে উত্তৰ কোৰিয়ালৈ গুছি যাওক।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in