অসম বিধানসভা অধিবেশনৰ দ্বিতীয় দিনা ভাষণত কি ক’লে ৰাজ্যপাল জগদীশ মুখীয়ে…

অসম বিধানসভা অধিবেশনৰ দ্বিতীয় দিনা ভাষণত কি ক’লে ৰাজ্যপাল জগদীশ মুখীয়ে…

ডিজিটেল ডেস্কঃ শনিবাৰে ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ দ্বিতীয়টো দিন। প্ৰথমে অধিবেশনৰ দ্বিতীয়টো দিনত ৰাজ্যপাল জগদীশ মুখীয়ে ভাষণ পাঠ কৰে।

তেওঁ ভাষণত প্ৰথমে কয়- ৰাজ্যপাল জগদীশ মুখীয়ে ৰাজ্যসভাৰ প্ৰতিগৰাকী সদস্যক প্রথমে শুভেচ্ছা জ্ঞাপন কৰি কয়- 'মই প্রথমে সমগ্ৰ অসমবাসীক ধন্যবাদ জনাম বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা যুৱপ্ৰজন্মক এইবাৰৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে। কোৰোনা সৃষ্ট পৰিৱেশৰ মাজতো সকলোৱে অতি আগ্ৰহেৰে এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটো সম্পন্ন কৰিলে। আমাৰ চৰকাৰে সাধাৰণ ৰাইজক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে আৰু নিষ্ঠা সকলো কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিছো। আমাৰ চৰকাৰৰ প্রথম প্ৰাধান্য হৈছে কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰা। যোৱা বছৰ কোৰোনাৰ প্রথম ঢৌৰ সময়ত ভাৰতৰ ভিতৰত অসম আগশাৰীৰ ৰাজ্য আছিল এই মহামাৰীক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত। যোৱা বছৰ আমি ট্ৰাষ্ট, ট্ৰেক আৰু ট্ৰীট ফৰ্মুলাৰে কোভিড-১৯ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বহু ভাল ফলাফল লাভ কৰিছিলো। কেন্দ্ৰীয় চৰকাৰে অসমক ৪৫ বছৰ বা তাতকৈ উৰ্ধৰ নাগৰিকৰ বাবে বিনামূলীয়াকৈ কোভিড ভেকচিন প্ৰদান কৰিছে। অসম চৰকাৰেও ১৮ৰ পৰা ৪৪ বছৰ বয়সলৈ সকলোকে ভেকচিন বিনামূলীয়াকৈ চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত প্ৰদান কৰিছে। অসমক বানমুক্ত কৰাও আমাৰ চৰকাৰৰ আন এটি প্রধান কাম।'

ৰাজ্যপাল গৰাকীয়ে অসমৰ শান্তি, আইন শৃংখলা অধিক উন্নত হৈছে বুলি উল্লেখ কৰে। লগতে তেওঁ সন্ত্ৰাসবাদী সংগঠনৰ হাতৰ পৰা সফলতাৰে কেবাগৰাকীও অপহৃত লোকক উদ্ধাৰ কৰাত ৰাজ্য চৰকাৰখন সক্ষম হোৱা সন্দৰ্ভত কয়। তেওঁ নিবনুৱা সমস্যা সন্দৰ্ভতো উল্লেখ কৰি কয় যে- অসমত নিবনুৱা সমস্যা সমাধান কৰিবলৈ ৰাজ্যত আমাৰ চৰকাৰে ১ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়া হ'ব।

তদুপৰি 'গো-ৰক্ষাৰ বাবে অসম চৰকাৰে আইন আনিব বুলিও জনালে ৰাজ্যপাল জগদীশ মুখীয়ে। তেওঁ সদনত কয়- 'বহিঃৰাজ্যলৈ নিষিদ্ধ কৰিব গৰুৰ সৰবৰাহ। এইক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰিব চৰকাৰে। আইন ভংগকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ শাস্তি।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in