চৰকাৰী শিক্ষকে নামানিলে চৰকাৰৰ নিৰ্দেশনা…

চৰকাৰী শিক্ষকে নামানিলে চৰকাৰৰ নিৰ্দেশনা…

ডিজিটেল সংবাদ ওৰাংঃ ঘৰে ঘৰে ত্ৰিৰংগ পতাকা। প্ৰতি ঘৰতে এইবাৰ ত্ৰিৰংগ পতাকা। সকলোতে ত্ৰিৰংগ পতাকা পিছে চৰকাৰী বিদ্যালয়ত নাই ত্ৰিৰংগা পতাকা। প্ৰধান মন্ত্ৰী নৰেদ্ৰ মোডীৰ আহ্বানকো আওকাণ কৰিলে মাজবাট শিক্ষা খণ্ডৰ দুখন কৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ।

দেশবাসীয়ে এইবাৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে পালন কৰিছে আজাদি কা অমৃত মহোৎসৱ। স্বাধীনতাৰ মহাৰজত জয়ন্তী উপলক্ষে প্ৰধান মন্ত্ৰীয়ে আহ্বান জনাইছিল ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিঘৰ লোক, চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয়-মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকা লগাবলৈ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে সমগ্ৰ দেশবাসীয়ে আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে লগাইছে ত্ৰিৰংগ পতাকা। নিৰক্ষৰ লোক, দৰিদ্ৰ লোক সকলোৱে সন্মান জনাইছে ৰাষ্ট্ৰীয় পতাকাক। সকলোৱে প্ৰধান মন্ত্ৰী আৰু চৰকাৰৰ নিৰ্দেশ পালন কৰিছে হৰ ঘৰ ত্ৰিৰংগ কাৰ্যসূচী।

কিন্তু হাৰ ঘৰ ত্ৰিৰংগ কাৰ্যসূচীয়ে চুব নোৱাৰিলে প্ৰধান শিক্ষকক। মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত পশ্চিম চুমুৱা গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টিকা ৰাম শৰ্মাই অমান্য কৰিলে চৰকাৰী নিৰ্দেশনা। বিদ্যালয়ত নলগালে ৰাষ্ট্ৰীয় পতাকা।

প্ৰধান শিক্ষক টিকা ৰাম শৰ্মাৰ সময়েই নহল বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকা লগাবলৈ। আনহাতে এই শইকীয়া চুবুৰী প্ৰাথমিক বিদ্যালয়। বিদ্যালয়ৰ প্ৰধান শিক্ষক দেউবৰ বসুমতাৰীয়ে বিদ্যালয়ৰ গেটতে ৰাষ্ট্ৰীয় পতাকা লগাইয়ে সামৰিলে দায়িত্ব।

বিদ্যালয়ৰ চৌহদ নাপালেগৈ ৰাষ্ট্ৰীয় পতাকা। চৰকাৰী নীতি নিৰ্দেশনা নামানি এনেদৰেই হৰ ঘৰ ত্ৰিৰংগ পালন কৰিলে মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত দুখন কৈ বিদ্যালয়ে। চৰকাৰী নীতি নিৰ্দেশনা নমনা এই দুগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে শিক্ষা বিভাগে সময়তহে লক্ষ্যনীয় হব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in