উৎসৱৰ সময়ত অধিক শিথিলতা প্ৰদানৰ ফলত দ্ৰুতহাৰত বৃদ্ধি পাব পাৰে কোভিড সংক্ৰমণ!

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰেৰ এক বিশেষজ্ঞৰ সূত্ৰই সকীয়নি দিছে যে, যদি উৎসৱৰ সময়ত অধিক শিথিলতা প্ৰদান কৰা হয় তেন্তে কোৰোনা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা প্ৰতি মাহত ২৬ লাখলৈ বৃদ্ধি পাব বুলি। ইফালে, ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি সূত্ৰটোৱে দাবী কৰিছে যে, বৰ্তমান সময়ত ভাৰতত কোৰোনাত সংক্ৰমিত লোকৰ সংখ্যা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে।

আনহাতে, শিথিলতা প্ৰদানৰ সন্দৰ্ভত সকীয়াই দি সূত্ৰটোৱে কয় যে, যদি দেশত কোৰোনাক উপেক্ষা কৰি সকলোৱে কোভিডৰ নীতি নিয়মসমূহ মানি নচললে তেন্তে পৰিস্থিতি পুনৰ অৱনতি ঘটিব পাৰে। কিন্তু যদি তাৰ বিপৰীতে কোভিড প্ৰট'কল মানি চলা হয় তেন্তে ২০২১চনলৈ কোৰোনাক নিয়ন্ত্ৰণ কৰিব পৰা যাব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in