ৰিজাৰ্ভ বেংকে নহয়, কেন্দ্ৰইহে ছপা কৰিব এই নোট…

ৰিজাৰ্ভ বেংকে নহয়, কেন্দ্ৰইহে ছপা কৰিব এই নোট…

ডিজিটেল ডেস্কঃ অতি সোনকালে আপোনাৰ হাতত পৰিবহি ১ টকীয়া নোট। পিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে নহয়, কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়েহে ছপা কৰিব এইসমূহ এই নোট। চৰকাৰে জি. এছ. আৰ. ৯৫ (ই)নম্বৰৰ এক গেজেট নটিফিকেশ্যনৰ জৰিয়তে নতুনকৈ ১টকীয়া নোট প্ৰচলনৰ সন্দৰ্ভত জানিবলৈ দিছে। পিছে এই নতুন নোটখন কেনেকুৱা হ'ব-

১. নতুন নোটখনত 'Government of India' বুলি লিখাৰ ঠিক ওপৰতে "भारत सरकार'' বুলি লিখা থাকিব।

২. বিত্ত সচিব অতনু চক্ৰৱৰ্তীৰ স্বাক্ষৰ থাকিব এই নোটত। হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে থাকিব এই স্বাক্ষৰ।

৩. নোটখনৰ ওপৰত এটকীয়া মূদ্ৰাও চপা কৰা থাকিব। য'ত 'সত্যমেৱ জয়তে' বুলি লিখা থাকিব।

৪. নোটখনৰ সো-ফালে ক'লা ৰঙৰ স্থানত থাকিব numbering panel।

৫. নোটখনৰ প্ৰথম ৩টা সংখ্যা আৰু আখৰ একে আকাৰৰ থাকিব।

৬. নোটখনত আনটো পিঠিত 'भारत सरकार' আৰু 'Government of India' বুলি লিখা থাকিব। নোটখনত থকা ১ টকীয়া মূদ্ৰাটোত ২০২০ বুলি লিখা থাকিব। লগতে মূত্ৰাটোৰ চিহ্নও অকা থাকিব।

৭. মূত্ৰাটোৰ চিহ্নৰ সৈতে অকা থাকিব শষ্যৰ প্ৰতিচ্ছবি।

৮. নোটখন মূলত গুলপীয়া আৰু সেউজীয়া হ'ব। অৱশ্যে আন কিছু ৰঙো ব্যৱহাৰ কৰা হ'ব।

৯. নোটখনৰ আকাৰ হ'ব ৯.৭ x ৬.৩ চেন্টি মিটাৰ।

১০. এই নোটখনত অশোকস্তম্ভও অকা থাকিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in