কোৰোনা বিৰোধী যুঁজত আছাম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অৱদানৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰশংসা পত্ৰ প্ৰদান…

কোৰোনা বিৰোধী যুঁজত আছাম ডাউন টাউন বিশ্ববিদ্যালয়ৰ অৱদানৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰশংসা পত্ৰ প্ৰদান…

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে শনিবাৰে ৰাজ্যত কোভিড-১৯ বিৰোধী যুঁজত আছাম ডাউন টাউন বিশ্ববিদ্যালয়ে লোৱা ভূমিকাৰ বাবে প্ৰশংসা পত্ৰ প্ৰদান কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে এই প্রশংসা পত্ৰ। বিশ্ববিদ্যালয়খনৰ উপ পঞ্জীয়ক (শিক্ষাবিদ) নিতুল জ্যোতি দাসে গ্ৰহণ কৰে এই প্ৰশংসা পত্ৰ।

উক্ত প্ৰশংসা পত্ৰখনত লিখা আছে যে- 'অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আপোনাৰ এই প্ৰতিষ্ঠানটোক অসমৰ জনসাধাৰণৰ হৈ কৃতজ্ঞতা হিচাপে এই সন্মানেৰে সন্মানিত কৰিবলৈ পাই অতি গৌৰৱ অনুভৱ কৰে।'

ইফালে, প্ৰশংসা পত্ৰ গ্ৰহণ কৰি বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই কয় যে- 'কোৰোনা মহামাৰীৰ বিৰোধী যুঁজত আমাৰ প্ৰচেষ্টাক স্বীকৃতি দিয়া আৰু প্রশংসা কৰাৰ বাবে আমি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in