জন্মদিনত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি নে স্মৰণ? চৰকাৰী বিজ্ঞাপনক লৈ সৰৱ একাংশ

জন্মদিনত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি নে স্মৰণ? চৰকাৰী বিজ্ঞাপনক লৈ সৰৱ একাংশ

ডিজিটেল ডেস্কঃ জন্মদিনত আপুনি শুভেচ্ছা জনাই নে শ্ৰদ্ধাঞ্জলি জনায়? জীৱিত লোকক শুভেচ্ছা জনোৱাৰ বিপৰীতে মৃতলোকক জন্মদিনত স্মৰণ কৰা হয়। কিন্তু খোদ সুধাকণ্ঠক জন্মদিনৰ শ্ৰদ্ধাঞ্জলি জনালে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে। এফালে সুধাকণ্ঠ আৰু আনফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো দি প্ৰকাশ কৰা এক বিজ্ঞাপনত সুধাকণ্ঠক জন্মদিনত শ্ৰদ্ধাঞ্জলি জনোৱাক লৈ এতিয় তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ছ'চিয়েল মিডিয়াত এই  সন্দৰ্ভত এই বিজ্ঞাপনক লৈ হৈছে ব্যাপক চৰ্চা। ইফালে, বিজ্ঞাপনটোত অসমীয়া ভাষাৰ কিছু বৰ্ণাশুদ্ধি ৰৈ যোৱাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এচামে। বিকাশ বৰুৱা নামৰ এজনে এই সন্দৰ্ভত লিখিছে- ধিক্ অসম চৰকাৰ আৰু জনসংযোগ বিভাগ। সুধাকণ্ঠৰ ওপজা দিনটোত তেওঁ এনেকৈ অপমান কৰা হৈছে।

বিজ্ঞাপনটোৰ ছেপ্টেম্বৰ শব্দৰ ভুলকে ধৰি কেইবাটাও ভুল আঙুলিয়াই দিছে লোকজনে। সাধাৰণতে এনে ভুল বিভিন্ন কাৰণত ৰৈ যায়। কিন্তু চৰকাৰী বিজ্ঞাপন এটাৰ যথেষ্ট সময় পোৱাৰ লগতে অভিজ্ঞ বিষয়া-কৰ্মচাৰীয়ে এইটো পৰীক্ষা কৰাৰ পাছতহে প্ৰকাশৰ বাবে প্ৰেৰণ কৰা হয়। তেনেস্থলত  সুধাকণ্ঠৰ জন্মদিনৰ দিনা চৰকাৰী পৃষ্ঠপোষকতাত প্ৰকাশ কৰা এই  বিজ্ঞাপনত ৰৈ যোৱা ভুলক লৈ এতিয়া সৰৱ হৈছে ছ'চিয়েল মিডিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in