ইটালীত ত্ৰাণকৰ্তা ৰূপত এগৰাকী অসমীয়া…

ইটালীত ত্ৰাণকৰ্তা ৰূপত এগৰাকী অসমীয়া…

ডিজিটেল ডেস্কঃ কোৰোনাত বিধ্বস্ত ইটালীত ত্ৰাণকৰ্তা ৰূপত এগৰাকী অসমীয়াই আগবঢ়োৱা সেৱা এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে। মৃত্যুৰ উপত্যকাত পৰিণত হোৱা দেশখনত গৌতম বৰঠাকুৰ নামৰ এইগৰাকী অসমীয়াই দেশখনৰ পৰা ভাৰতীয় সকলক উভতাই অনা অভিযানত নিজকে নিয়োজিত কৰিছে।

এয়াৰ ইণ্ডিয়াত কৰ্মৰত এইগৰাকী অসমীয়াই শেহতীয়াকৈ ইটালীৰ পৰা ২৬৩জন ভাৰতীয়ক উভতাই অনাৰ দায়িত্ব সুকলমে পালন কৰিছিল। দেশখনৰ ৰাজধানীচহৰ ৰ'মত এয়াৰ ইণ্ডিয়াৰ এয়াৰপৰ্ট মেনেজাৰ হিচাপে এই দায়িত্ব পালন কৰিছিল গৌতম বৰঠাকুৰে।

গুৱাহাটীৰ বাসিন্দা গৌতম বৰঠাকুৰ আছিল গুৱাহাটী কটন কলেজিয়েটৰ ছাত্ৰ। ইকাণে সিকাণে সেই খবৰ আমাৰ হাততো পৰিছিল যে কোৰোনা ভাইৰাছৰ ফলত মৃত্যু উপত্যাকত পৰিণত হোৱা দেশখনৰ পৰা ভাৰতীয় সকলক উদ্ধাৰ কৰা অভিযানত এজন অসমীয়াই বিশেষ ভূমিকা পালন কৰিছে।

আমি সেই খবৰ লৈ গম পালো গৌতম বৰঠাকুৰ এইগৰাকী অসমীয়া আছিল কটন কলেজিয়েটৰ ছাত্ৰ। ১৯৭৯চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা গৌতম বৰঠাকুৰৰ সন্দৰ্ভত সবিশেষ বিচাৰি আমি যোগাযোগ কৰিছিলো সেই বিদ্যালয়খনত অধ্যয়ন কৰা একাংশ ছাত্ৰ ছাত্ৰীৰ সৈতেও।

তাৰেই এগৰাকী প্ৰাক্তন ছাত্ৰই আমাক দিছিল গৌতম বৰঠাকুৰৰ ইটালীত থকা ম'বাইল নম্বৰ। সেই নম্বৰত আমি যোগাযোগ কৰি তেখেতৰ এই কঠিন সময়ত পালন কৰা দায়িত্ব সন্দৰ্ভত কথা পাতিবলৈ যত্ন কৰিছিলো। কিন্তু আমাৰে দুৰ্ভাগ্য আছিল যে এই অসমীয়াগৰাকীৰ সৈতে আমি যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাছিলো। কিন্তু তেওঁৰ সন্দৰ্ভত লাভ কৰিছিলো আন কিছু তথ্য।

এয়াৰ ইণ্ডিয়াত কৰ্মৰত গৌতম বৰঠাকুৰে কিছুদিন গুৱাহাটী বিমান বন্দৰতো কাম কৰিছিল। তাৰ পাছত পৰৱৰ্তী সময়ত তেওঁ ৰাজস্থান আৰু দিল্লীত কৰ্মৰত অৱস্থাত আছিল ১৯৯০চনৰ জুন মাহত তেওঁ এয়াৰ ইণ্ডিয়াত যোগাদান কৰিছিল।

প্ৰথম অৱস্থাত প্ৰশাসনিক আৰু অপাৰেশ্যনেল কামৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল। গৌতম বৰঠাকুৰৰ ঘৰ গুৱাহাটীৰ হাতীগড়ত। নিজ দায়িত্বৰ প্ৰতি সচেতন এইগৰাকী ব্যক্তি। ইটালীৰ ৰোমত এয়াৰ ইণ্ডিয়াৰ এয়াৰপৰ্ট মেনেজাৰ হিচাপে কৰ্মৰত গৌতম বৰঠাকুৰে ইটালীত আৱদ্ধহৈ পৰা ভাৰতীয় সকলক দেশলৈ ঘূৰাই পঠিওৱাৰ বাবে অশেষ কষ্ট কৰিছিল।

ভাৰতীয়সকলক সুৰক্ষিত স্থানলৈ ঘূৰাই পঠিয়ালেও তেওঁ এতিয়াও ৰোমতে আছে। অৱশ্যে এইগৰাকী অসম সন্তানৰ বাবে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা কৰি থৈছে। চাকৰিৰ পৰা অৱসৰ ল'বলৈ গৌতম বৰঠাকুৰৰ আৰু বেছি দিন নাই। কিন্তু বিদেশত এনে জটিল সময়ত ভাৰতীয়ক সহায় কৰি উজ্বলি উঠিছে অসমৰ গৌতম বৰঠাকুৰ।

প্ৰধানমন্ত্ৰী মোডীয়েও ইটালীৰ পৰা ভাৰতীয় সকলক ঘূৰাই অনাৰ ক্ষেত্ৰত এয়াৰ ইণ্ডিয়াই লোৱা ভূমিকাৰ প্রশংসা কৰিছে। এই প্ৰশংসা যেন এইগৰাকী অসম সন্তানেই বুটলিছে। লক্ষণীয় যে, কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ আটাইতকৈ বেছি লোক ইটালীতেই মৃত্যু হৈছে।

তেনে এখন দেশৰ পৰা ভাৰতীয়সকলক সুচাৰুৰূপে ভাৰতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত এজন অসমীয়াই সেনাপতিৰ দৰে ভূমিকা লোৱা কাৰ্য সঁচাকৈয়ে অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। ইটালীত এই পৰ্যন্তলৈকে ৭৫০০ লোকৰ মৃত্যু হৈছে কোৰোনা ভাইৰাছত। কোৰোনা ভাইৰাছৰ বিভীষিকাই সৰ্বত্ৰে বিৰাজ কৰা এই দেশখনত এনে এক অভিযানত এজন অসমীয়া জড়িত হ'ব পৰাতো আমাৰ বাবেই অত্যন্ত গৌৰৱৰ বিষয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in