পাকিস্তানত সন্ধানহীন হৈ থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ ২ কৰ্মচাৰীৰ সন্ধান ওলাল ক’ত

পাকিস্তানত সন্ধানহীন হৈ থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ ২ কৰ্মচাৰীৰ সন্ধান ওলাল ক’ত

  • অৱশেষত পাকিস্তানত সন্ধানহীন হৈ থকা দুই ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীৰ সন্ধান ওলাল।
  • দীৰ্ঘ সময় ধৰি সন্ধানহীন হৈ আছিল ইছলামাবাদৰ ভাৰতীয় দূতাবাসত কৰ্মৰত এই দুই কৰ্মচাৰী।
  • সোমবাৰৰ পৰা সন্ধানহীন হৈ থকা এই দুই ভাৰতীয় দূতাবাসৰ কৰ্মচাৰী পাক কৰ্তৃপক্ষৰ মতে আৰক্ষীৰ জিম্মাত আছে।
  • এক পথ দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত দুয়োকে আৰক্ষীয়ে আটক কৰা বুলি পাক চৰকাৰে সদৰি কৰিছে।
  • এই সন্দৰ্ভত ভাৰত চৰকাৰে ইয়াৰ পূৰ্বে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে, এই দুই কৰ্মচাৰী পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইয়ে আটক কৰি ৰাখিছিল।
  • ইয়াকে লৈ দুই দেশৰ মাজত তীব্ৰ কূটনৈতিক যুঁজো চলিছিল।
  • নতুন দিল্লীৰ হেঁচাৰ পাছত এই দুই কৰ্মচাৰী এক পথ দুৰ্ঘটনাত পতিত হোৱাৰ পাছত আৰক্ষীয়ে আটক কৰাৰ কথা সদৰি কৰিছে পাকিস্তানে।
  • পাকিস্তান বিদেশ মন্ত্ৰণালয়ৰ দাবী এই দুইগৰাকী সন্ধানহীন হৈ থকা বুলি ভাৰতে দাবী কৰা লোক ভাৰতীয় দূতাবাসৰ চালক হিচাপে কৰ্মৰত আছিল।
  • দুয়োগৰাকী ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীক পাক আৰক্ষীয়ে ইতিমধ্যে মুকলি কৰি দিছে আৰু দুয়ো গৈ উপস্থিত হৈছেগৈ ভাৰতীয় দূতাবাসত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in