গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জনঃ উচ্ছেদিত লোকৰ সা-সামগ্ৰী আৰক্ষীয়ে জুইত জাপি দিয়াৰ অভিযোগ..

গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জনঃ উচ্ছেদিত লোকৰ সা-সামগ্ৰী আৰক্ষীয়ে জুইত জাপি দিয়াৰ অভিযোগ..

ডিজিটেল সংবাদ দুমুনিচকী: কামৰূপ আৰু দৰং জিলাৰ সীমান্তবৰ্তী অঞ্চল তথা দৰঙ জিলাৰ ধলপুৰত জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ সময়ছোৱাত সংঘটিত হৈছিল অগ্নি সংযোগৰ ঘটনা।ইয়াৰোপৰি উচ্ছেদিত পৰিয়ালৰ পোহনীয়া কুকুৰা, হাহ, ছাগলী আদিকে ধৰি বিভিন্ন সামগ্ৰী লুণ্ঠনৰ দৰে কাৰ্যও সংঘটিত হৈছে।প্ৰশাসনে বুল্ডজাৰেৰে ঘৰসমূহ ভাঙি পেলোৱাৰ পিচত পৰিয়ালৰ লোকৰ কষ্টোপাৰ্জিত সামগ্ৰী, ঘৰুৱা আজবাব, আদি বিভিন্ন সম্পদ বুল্ডজাৰৰ আঘাতৰ পৰা বছাই ঘৰৰ পৰা নাতীদূৰৰ পথাৰলৈ এপদ এপদকৈ সামগ্ৰী লৈ গৈ থকা সময়তো দৰং জিলাৰ আৰক্ষীয়ে অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি আৰক্ষীয়ে জ্বলি থকা অগ্নিত উচ্ছেদিত পৰিয়ালৰ কষ্টোপাৰ্জিত বিভিন্ন সামগ্ৰী জাপি দিয়ে।দৰং জিলাৰ উপায়ুক্ত প্ৰভাতী থাউচেন, অতিৰিক্ত উপায়ুক্ত আদিকে ধৰি প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিততে আৰক্ষীয়ে সংঘটিত কৰা এনে ঘটনাই উচ্ছেদিত পৰিয়াল সকলৰ জ্বলি থকা জুইত ঘিউ ঢালি দিয়াৰ দৰে হৈছে। কেৱল এয়াই নহয় মানুহৰ থকা ঘৰ উচ্ছেদ কৰি, আজবাব আদি বিভিন্ন সামগ্ৰীত অগ্নি সংযোগ কৰি যি কৃষি প্ৰকল্পৰ কাম কৰিব খোজা হৈছে উক্ত প্ৰকল্পৰ কাম কিমান ফলপ্ৰসু হব তাক লৈ স্বাভাৱিকতে সন্দিহান হৈ পৰিছে একাংশ সচেতন লোকৰ উপৰি আন একাংশ দল সংগঠনৰ নেতৃবৰ্গ।

কৃষি উৎপাদন কৰা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি কয় যে যদি কৃষি উৎপাদন কৰাই মূল উদ্দেশ্য তেন্তে স্থানীয় লোকসকলে কৰা মৰাপাট খেতি আদিকে ধৰি বিভিন্ন খেতি টেক্টৰেৰে হাল বাই কিয় নষ্ট কৰা হ'ল বুলিও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে বৃহস্পতিবাৰে দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে ধলপুৰত উচ্ছেদ চলাবলৈ যোৱাৰ সময়ত একাংশ স্থানীয় লোকে প্ৰথমে প্ৰতিবাদ আৰু পিছত বাক বিতণ্ডাৰ সৃষ্টি কৰাৰ ফলত এক উত্তেজিত পৰিবেশৰ সৃষ্টি হয়। যাৰ ফলত স্থানীয় লোকে দলিওৱা শিলৰ আঘাতত কম বেছি পৰিমাণে প্ৰায় ৯ গৰাকী আৰক্ষী আহঁত হোৱাৰ বিপৰীতে ৩ জন স্থানীয় লোক গুলীবিদ্ধ হৈ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰিও এগৰাকী সাত বছৰীয়া কিশোৰীসহ তিনিজন যুৱক সন্ধিয়ালৈকে নিৰুদ্দেশ হৈ থকা বুলি পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে। বৰ্তমানলৈকে দৰং জিলা প্ৰশাসনে উচ্ছেদিত পৰিয়ালবোৰক চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ খাদ্য পানী আদিকে ধৰি চিকিৎসাৰ বাবে কোনো ধৰণৰ সামগ্ৰী যোগান ধৰা নাই বুলি বঞ্চিত পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। ইফালে দিনৰ ভাগত আৰক্ষীৰ গুলীত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ লঠিয়াই গুৰীয়াই নিজকে হিৰ' বুলি জাহিৰ কৰিব বিচৰা ছিপাঝাৰৰ বিজয় বনিয়াক যোৱা নিশা গ্ৰেপ্তাৰ কৰে। কিন্তু বিজয় বনিয়াৰ দৰে এজন ফটো সংগ্ৰহ কৰা যুৱকজনৰ লগত একাংশ আৰক্ষীয়েও লোকজনৰ মৃত্যু হোৱাৰ পিছতো নিথৰ দেহটোৰ ওপৰত লাঠিৰে কোবাই থকা কাণ্ডৰ বিষয়ে সকলোৱে জ্ঞাত। ইমান খিনি ঘটনা সংঘটিত কৰাৰ পিছত জিলা প্ৰশাসনে আৰক্ষীৰ বিৰুদ্ধ কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হৈ পৰিছে।

উল্লেখ্য যে উক্ত চৰকাৰী ভুমি নিকটৱৰ্ত্তী গাঁও সানোৱা, গৰুসুটি আদি অঞ্চলৰ লোকে ধলপুৰত উচ্ছেদ হ'বলগীয়া হোৱা লোকৰ ওচৰত মোটা অংকৰ বিনিময়ত বিক্ৰী কৰিছিল। যাৰ দলিল বৰ্তমানেও অধিকাংশ পৰিয়ালৰ ঘৰে ঘৰে মজুত আছে। ঠিক তেনেদৰে খলিহৈ অঞ্চলত থকা কেইবাটাও পৰিয়ালৰ ওচৰত কুৰুৱা খলিহৈ আদি স্থানীয় একাংশ লোকে লাখ লাখ টকাৰ বিনিময়ত চৰকাৰী ভূমি নিজৰ দখলত থকা বুলি কৈ বিক্ৰী কৰাৰ দলিলো পৰিয়ালৰ ঘৰত মজুত আছে। সেয়েহে অনাগত দিনত স্থানীয় লোকে চাতুৰালীৰে বিক্ৰী কৰা উক্ত ভূমি ম্যাদি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে। অন্যথা ভুক্তভোগী লোকে আইনৰ ওচৰ চাপিব বুলি জানিব দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in