হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত ৮টা গৰু সহ এজন গৰু সৰবৰাহকাৰী আটক

হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত ৮টা গৰু সহ এজন গৰু সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙা-শিশুমাৰা আন্তৰাষ্ট্ৰীয় সীমান্তৰ পৰা বৃহস্পতিবাৰে পুৱতি নিশা সীমান্ত সুৰক্ষা বাহিনীয়ে ৮টা গৰু সহ এজন গৰু সৰবৰাহকাৰীক আটক কৰে।

উল্লেখযোগ্য যে জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা মাত্ৰ প্ৰায় পাচ কিলোমিটাৰ নিলগত থকা দক্ষিণ শালমাৰা থানাৰ অধীনস্থ খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ শিশুমাৰা ভাৰত-বাংলাদেশ সীমান্তৰ পৰা জব্দ কৰা হয় গৰু কেইটা। লগতে কোকৰাডাঙা গাঁৱৰ জলিল বিশ্বাসৰ পুত্ৰ ইমদাদুল বিশ্বাস (২০)ক সীমান্ত সুৰক্ষা বাহীনিয়ে আটক কৰে।

সীমান্ত সুৰক্ষা বাহিনীয়ে জানিব দিয়া মতে, পুৱতি নিশা গৰু সৰবৰাহকাৰী জনে গৰু কেইটা বিএছএফৰ চকুত ধূলি দি বাংলাদেশৰ ফালে সৰবৰাহ কৰিবলৈ ধৰাত টহলদাৰী সুৰক্ষা বাহিনীয়ে গৰু কেইটা জব্দ কৰাৰ লগতে লোকজনক আটক কৰে। ইতিমধ্যে জব্দ কৰা গৰু কেইটাৰ লগতে আটকাধীন সৰবৰাহকাৰী জনক খাৰুৱাবান্ধা আৰক্ষীৰ হাতত চমজাই দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in