গৰৈমাৰীত যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

গৰৈমাৰীত যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজীৱ ভৱন প্ৰাংগণত শুকুৰবাৰে ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছৰ ৪৬সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷ তদুপলক্ষে পুৱা ৯ বজাত যুৱ কংগ্ৰেছৰ পতাকা উত্তোলন কৰা হয়৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰা হয়৷

কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছ ৰ সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাক, ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি নজমুল হক, কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সাধাৰন সম্পাদক কাদেৰ সৰকাৰ, ছয়গাঁও যুৱ কংগ্ৰেছৰ সম্পাদক ছাইদুল ইছলাম, হাতীশলা ভলুকাবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মোবাৰক হুছেইন কংগ্ৰেছ কৰ্মী আজিজুল হক ইয়াজুল হক আব্দুৰ ৰহিমৰ সৈতে গৰৈমাৰী ফখৰুদ্দিন আলী আলী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আব্দুল কৰিমে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in