গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাৰ্ষিক যুৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাৰ্ষিক যুৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজ ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পঞ্চমসংখ্যক বাৰ্ষিক যুৱ মহোৎসৱ অহা ১২ নৱেম্বৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গৰৈমাৰী টাউন ক্লাব খেলপথাৰত অনুষ্ঠিত হ'ব৷ কাৰ্যসূচী অনুসৰি ১২ নৱেম্বৰৰ পুৱা আঠ বজাত পতাকা উত্তোলন কৰিব এৰাডেমীৰ পৰিচালন সঞ্চালক আতোৱাৰ ৰহমানে ৷

৮-৩০ বজাত গছপুলি ৰোপণ কৰিব গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ শ্বেখ মজিবৰ ৰহমান৷ ন বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাতীবৰুৱাই ৷ দহ বজাৰ পৰা বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব৷ ১৩ নৱেম্বৰত ৰৈ যোৱা প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব ৷ চৈধ্য নৱেম্বৰৰ পুৱা আঠ বজাত ভেশচন প্ৰতিযোগিতাৰ পিচতে 'ছচিয়েল মিডিয়াই যুৱ উশৃংখলতা বৃদ্ধি কৰিছে' শীৰ্ষক তৰ্ক প্ৰতিযোগিতা আৰু সন্ধিয়াৰ পৰা মুকাভিনয়, কৌতুক, জিকিৰ-জাৰী, বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷

পোন্ধৰ নৱেম্বৰত পুৱাৰে পৰা মাৰাথান দৌৰ, অসমীয়া আধুনিক গীত, হিন্দী গীত, বিহুগীত, পল্লীগীত, লোকগীত, জ্যোতি-ৰাভা সংগীত, আধুনিক নৃত্য আদি আন্তঃবিদ্যালয় প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব ৷ সন্ধিয়া সাত বজাত 'মিছ বি ভি এ-২০১৮' প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ ষোল্ল নৱেম্বৰৰ পুৱা দহ বজাত কইনা প্ৰতিযোগিতা, দুই বজাত বিজ্ঞান প্ৰদৰ্শনী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ৷

সন্ধিয়া গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সভাপতি নুৰুল ইছলামৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হ'ব ৷ সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, বিশিষ্ট অতিথি হিচাপে অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ ডাঃ কমলা কলিতা, সন্মানীয় অতিথি হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ আতোৱাৰ ৰহমান, গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাতীবৰুৱা, গৰৈমাৰী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া পূৰ্ণপ্ৰসাদ ডেকাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব৷ নিশা সাংস্কৃতিক মঞ্চ উন্মোচন কৰিব জামাল উদ্দিন আহমেদ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in