সাৰদা-লুইজ বাৰ্জাৰ কেলেংকাৰীৰ মূল নায়কক গ্ৰেপ্তাৰৰ দাবী

সাৰদা-লুইজ বাৰ্জাৰ কেলেংকাৰীৰ মূল নায়কক গ্ৰেপ্তাৰৰ দাবী

ডিজিটেল সংবাদ, গৰৈমাৰীঃ সাৰদা আৰু লুইজ বাৰ্জাৰ কেলেংকাৰীৰ মূল নায়কক তদন্তৰ আওঁতালৈ অনাৰ দাবীত কামৰূপ জিলাৰ ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত এন এছ ইউ আইৰ সহযোগত গৰৈমাৰীত বৃহস্পতিবাৰে বিয়লি ৪.১৫ বজাত মন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

জানিব পৰামতে বৃহস্পতিবাৰে বিয়লি গৰৈমাৰী ৰাজীৱ ভৱনৰ পৰা সমষ্টি যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ কৰ্মকৰ্তাসকলে সাৰদা আৰু লুইজ বাৰ্জাৰ কেলেংকাৰীৰ মূল নায়ক ড০ হিমন্তবিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰক, হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ-হায় হায়- গ'বেক, চি বি আইৰ ৰাজনীতিকৰণ নচলিব, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ-হুঁচিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ, সাৰদা আৰু লুইজ বাৰ্জাৰ কেলেংকাৰীৰ মূল নায়ক ড০ হিমন্তবিশ্ব শৰ্মাক তদন্তৰ আওঁতালৈ আনক আদি শ্ল'গান দি এটি সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

পিচত প্ৰতিবাদকাৰীসকলে গৰৈমাৰী বজাৰৰ ৰাজপথত ড০ হিমন্তবিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি অনুৰূপ ধ্বনি দিয়ে৷

প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাক, ছয়গাঁও সমষ্টি যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি নজমুল হক, সম্পাদক আব্দুল লতিফ, এন এছ ইউ আইৰ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক জাহাংগীৰ আলম, গৰৈমাৰী ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ এন এছ ইউ আই গোটৰ সভাপতি ইয়াজুল হক, কংগ্ৰেছ কৰ্মী ছাইদুল ইছলাম, আজিজুল হক, আব্দুৰ ৰহিম, আফজালুৰ ৰহমান প্ৰমূখ্যে কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছী কৰ্মকৰ্তাই অংশ গ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in