গৰৈমাৰীত কোভিড ভেকচিনৰ টীকাকৰণ আৰম্ভ…

গৰৈমাৰীত কোভিড ভেকচিনৰ টীকাকৰণ আৰম্ভ…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীতো মঙলবাৰে কোভিড-১৯ৰ প্ৰতিষেধক ভেকচিনৰ টীকাকৰণ কৰা হয়৷ জানিব পৰা মতে, ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ গৰৈমাৰী ৰাজহ চক্ৰৰ এলেকাৰ টুক্ৰাপাৰা আঞ্চলিক ছোৱালী হাইস্কুলত মঙলবাৰে সৰ্বমুঠ ৬২ গৰাকী হিতাধিকাৰীক কোভিড-১৯ৰ ভেকচিন প্ৰদান কৰে৷

উল্লেখ্য যে, মোবাইল ফোনৰ আৰোগ্য সেঁতু এপ'ৰ জৰিয়তে ইতিপূৰ্বে নাম পঞ্জীয়নৰ লগতে বুকিং কৰা লোককহে এই ভেকচিনৰ ছিটা প্ৰদান কৰা হয়৷ ভেকচিন প্ৰদান অনুষ্ঠানত গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ ইয়াবুৰ ৰহমানে কোভিড ভেকচিনৰ টীকাকৰণৰ কাম-কাজসমূহ চোৱা চিতা কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in