গৰৈমাৰীত শিল্পী দিৱস উদযাপন, কেইবাজনো শিল্পীক মানপত্ৰৰে সম্বৰ্ধনা

গৰৈমাৰীত শিল্পী দিৱস উদযাপন, কেইবাজনো শিল্পীক মানপত্ৰৰে সম্বৰ্ধনা

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ ছমৰীয়া আৰু গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুল প্ৰাংগণত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে শিল্পী দিৱস উৎযাপন কৰা হয়৷ কাৰ্যসূচী অনুসৰি আজি পুৱা পূৱ ছমৰীয়া ও গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰফিকুল ইছলামে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰাৰ পিচতেই শ্বহীদ তৰ্পণ তথা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমানে৷

ইয়াৰ পিচত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, জ্যোতি সংগীত আৰু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ উল্লেখ্য যে শিল্পী দিৱস উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো ওৱাজেদ আলী আহমেদ, সুৰেশ কলিতা আৰু মাণিক বড়োক মানপত্ৰ প্ৰদান কৰি শিল্পী সম্বৰ্ধনা জনোৱা হয়৷ এই উপলক্ষে আয়োজিত বঁটা বিতৰণী সভাত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা আজিজুৰ ৰহমান চৌধুৰী, প্ৰাক্তন সভাপতি আফজালুৰ ৰহমান, পূৱ ছমৰীয়া ও গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ফাইজুৰ ৰহমান, আব্দুৰ ৰহমান, প্ৰাক্তন সম্পাদক তপন কলিতা, ছাইফুল ইছলাম, বিশিষ্ট সমাজকৰ্মী ডা: ফজলুল হক চৌধুৰী, মহিলা নাও খেলুৱৈ বিউটি কলিতা, চাম্পুপাৰা শাখা ছাত্ৰ সন্থাৰ সভাপতি আব্দুৰ ৰেজ্জাকৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক-অভিভাৱিকাসকল উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in