গৰৈমাৰীত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিক্ষোভ

গৰৈমাৰীত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বিক্ষোভ

ডিজিটেল সংবাদ, গৰৈমাৰীঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানমৰ্মে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পূব-ছমৰীয়া ও গৰৈমাৰী, চাম্পুপাৰা শাখা ছাত্ৰ সন্থাৰ সহযোগত শুকুৰবাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অৱস্থান কৰি বিক্ষোভ প্ৰদৰ্শন কৰে৷ জানিব পৰা মতে ছয়গাঁও, গৰৈমাৰী আৰু চাম্পুপাৰাৰ ছাত্ৰ নেতাসকলৰ উপৰি স্থানীয় একাংশ ৰাইজে গৰৈমাৰী ঈদগাহ মযদানত অৱস্থান কৰি হাতে হাতে প্লেকাৰ্ড লৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসমক অবৈধ বিদেশীৰ ডাষ্টবিন হ'বলৈ দিয়া নহ'ব, কেন্দ্ৰীয় চৰকাৰৰ মইমতালি নচলিব, ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়া নচলিব, কেন্দ্ৰীয়-অসম চৰকাৰ হায় হায়, ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়া মানি লোৱা নহ'ব, অসম চুক্তি ৰূপায়ন কৰক, নৰেন্দ্ৰ মোডী-অমিত শ্বাহ-বিজেপি চৰকাৰ মুৰ্দাবাদ-হায় হায়, কেব আমি নামানো, এই জুই জ্বলিছে জ্বলিবই, ড০ হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চুক্তি উলংঘা কৰা মানি লোৱা নহ'ব, কেব সাম্প্ৰদায়িক, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ, জাতিধ্বংসী কেব বাতলি কৰক, অসমত সাম্প্ৰদায়িকতাৰ স্থান নাই, অবৈধ বিদেশীৰ দালাল হুঁচিয়াৰ আদি শ্ল'গান দি বিক্ষোভ প্ৰদৰ্শন কৰে৷

কাৰ্যসূচীত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সাহিত্য সম্পাদক ভৱেশ দাস, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উপম দাস, সম্পাদক শচীন দাস, পূব ছমৰীয়া আৰু গৰৈমাৰীৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ডাঃ ফজলুল হক চৌধুৰী, গৰৈমাৰীৰ হাতেম চৌধুৰী শিশু নিকেতনৰ অধ্যক্ষ ৰফিক চৌধুৰী, বিলায়েৎ হুছেইন, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি আফজালুৰ ৰহমান, উপদেষ্টা আজিজুৰ ৰহমান চৌধুৰী, গৰৈমাৰী-পূব ছমৰীয়া আৰু চাম্পুপাৰা শাখা ছাত্ৰ সন্থাৰ সভাপতিদ্বয় ৰফিকুল ইছলাম, আব্দুৰ ৰেজ্জাক প্ৰমূখ্যে সংগঠনটোৰ কৰ্মকৰ্তা, স্থানীয়া একাংশ ৰাইজ অংশগ্ৰহণ কৰে৷ ইপিনে অৱস্থানস্থলীত কেইবাগৰাকী জ্যেষ্ঠ নাগৰিকে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ বিৰোধীতা কৰি কেবৰ প্ৰয়োজন নাই বুলিও দাবী উত্থাপন কৰো৷

আনহাতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ কৰ্মকৰ্তাসকলে শুকুৰবাৰে গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয় চৌহদত বেনাৰ আঁৰি হাতে হাতে প্লে' কাৰ্ড লৈ ৭ ঘণ্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰে৷ অনশনকাৰী কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দিয়াত গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাতীবৰুৱাৰ নিৰ্দেশমতে গৰৈমাৰী আৰক্ষীয়ে প্ৰতিবাদকাৰীক আটক কৰে৷ অৱশ্যে আটকাধীন প্ৰতিবাদকাৰীসকলক গৰৈমাৰী আৰক্ষীয়ে ব্যক্তিগত জামিনত এৰি দিয়ে৷

আনহাতে বকো সমষ্টিৰ অন্তৰ্গত সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত সোণতলীতো শুকুৰবাৰে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়ায়৷ মহাবিদ্যালয় প্ৰাংগণৰ পৰা উলিওৱা সমদলত প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে হাতে হাতে প্লে' কাৰ্ড লৈ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, কেব আমি নামানো, কেব আমাক নালাগে, সৰ্বানন্দ সোণোৱাল-ড০ হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি শ্ল'গান দি সমদল কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in