জুৱাত ব্যৱহৃত সামগ্ৰীসহ আটক ৩ জুৱাৰীক…

জুৱাত ব্যৱহৃত সামগ্ৰীসহ আটক ৩ জুৱাৰীক…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ অন্তৰ্গত ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকে মঙলবাৰে দিনৰ প্ৰায় ২ বজাত চাম্পুপাৰা বজাৰত অতৰ্কিতভাৱে অভিযান চলাই জুৱাখেলত ব্যৱহৃত সামগ্ৰীসহ তিনিটা জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰামতে ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই আজি জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত চাম্পুপাৰা বজাৰত আকস্মিকভাৱে অভিযান চলায়৷

আৰক্ষীৰ অভিযানকালত চাম্পুপাৰা বজাৰৰ অবৈধ জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সমৰ্থ হয়৷ অভিযানত আৰক্ষীৰ দলটোৱে কলহীকাষ গাঁৱৰ আব্দুল জলিলৰ পুত্ৰ ইনামূল হক (২২), চাম্পুপাৰা গাঁৱৰ ক্ৰমে বাদশা শ্বেখৰ পুত্ৰ মহিৰুদ্দিন (২৯) আৰু ছিৰাজ আলীৰ পুত্ৰ জয়দুৰ আলী (৩০)ক আটক কৰে৷ জুৱাৰীকেইটাৰ পৰা জুৱাত ব্যৱহৃত সামগ্ৰীৰ সৈতে কিছু নগদ ধন উদ্ধাৰ কৰে৷ ধৃত জুৱাৰী ৩টাক ছয়গাঁও থানালৈ নিয়া বুলি জানিব পৰা গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in