গৰৈমাৰীৰ মহিমাৰীত ৫ লক্ষাধিক টকাৰ ড্ৰাগছসহ ধৃত ১

গৰৈমাৰীৰ মহিমাৰীত ৫ লক্ষাধিক টকাৰ ড্ৰাগছসহ ধৃত ১

ডিজিটেল সংবাদ, গৰৈমাৰীঃ ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই শণিবাৰে নিশা গৰৈমাৰীৰ মহিমাৰীত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায়৷ জানিব পৰামতে আৰক্ষী বিষয়া কপিল পাঠকে গোপন খবৰৰ ভিত্তিত আজি নিশা গৰৈমাৰীৰ মহিমাৰী গাঁৱৰ ছামছুল আলমৰ ঘৰত অভিযান চলাই চাবোনৰ বাকচত লুকুৱাই ৰখা ৫ লক্ষাধিক টকাৰ নিষিদ্ধ ড্ৰাগছৰ সৈতে নগদ ১৫,৫০০ টকা জব্দ কৰে৷ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী মহিমাৰীৰ ছামছুল আলমকো আটক কৰে৷ ধৃত ছামছুল আলমক ছয়গাঁও আৰক্ষীৰ জিম্মালৈ নি জেৰা অব্যাহত ৰাখিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in