শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ

111

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত পূৱ মহিমাৰীৰ লোক এজন হাজো মেলাৰ পৰা নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে৷ প্ৰাপ্ত অভিযোগমতে গৰৈমাৰীৰ পূৱ মহিমাৰী গাঁৱৰ আমজাদ আলী নামৰ লোকজন যোৱা ৮ ফেব্ৰুৱাৰীত হাজোৰ মেলালৈ যায়৷ কিন্তু আশ্চৰ্যজনকভাৱে বিগত চৈধ্যদিনে লোকজন নিজগৃহত উভতি নহাত পৰিয়ালৰ লোক একপ্ৰকাৰ চিন্তিত হৈ পৰিছে৷

ইপিনে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোঁচাৰ কৰিও আমজাদ আলীৰ কোনো সন্ধান উলিয়াব পৰা নাই৷ নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে শণিবাৰে গৰৈমাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে৷ কোনো সচেতন ব্যক্তিয়ে নিৰুদ্দিষ্ট লোকজনৰ সন্ধান পালে স্থানীয় আৰক্ষী থানা নতুবা ৮৬৩৮০-৯৭১০৮ ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি