গৰৈমাৰীত আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতাত বঙাইগাঁও ফুটবল ক্লাব জয়ী

গৰৈমাৰীত আন্তঃজিলা ছিনিয়ৰ ফুটবল প্ৰতিযোগিতাত বঙাইগাঁও ফুটবল ক্লাব জয়ী

ডিজিটেল সংবাদ, গৰৈমাৰীঃ অসম ফুটবল সন্থাৰ অধীনত দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী টাউন ক্লাৱৰ সহযোগত অসম ভিত্তিত ক্ষীৰুদ বৰুৱা মেম'ৰিয়েল ২০১৮-'১৯ বৰ্ষৰ ৬৭সংখ্যক আন্ত:জিলা ছিনিয়ৰ চেম্পিয়নশ্বিপ ফুটবলৰ উদ্বোধনী খেলখন শুকুৰবাৰে বিয়লি অনুষ্ঠিত হৈ যায়৷

গৰৈমাৰী টাউন ক্লাব খেলপথাৰত অনুষ্ঠিত উদ্বোধনী খেলত বঙাইগাঁও ফুটবল ক্লাবে শালবাৰী ফুটবল ক্লাবক ৪-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে৷ অহা শনিবাৰে গোঁসাইগাঁও আৰু বাক্সা ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব খেল৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে অভ্যৰ্থনা সমিতিৰ সম্পাদক মন্তাজ আলীয়ে উদ্দেশ্য ব্যাখ্যা কৰা উদ্বোধনী সভাত সভাপতিত্ব কৰে সভাপতি সাহাৱ উদ্দিন চৌধুৰীয়ে৷ আন্তঃজিলা ছিনিয়ৰ ফুটবল চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতাই৷

উদ্বোধনী অনুষ্ঠানত গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধ্ৰুৱজ্যোতি হাতীবৰুৱা, অগপৰ গৰৈমাৰী ব্লক সমন্বয় সমিতিৰ সভাপতি উত্তম কলিতা, প্ৰাক্তন সভাপতি আনোৱাৰ হুছেইন, বাতাহিদিয়া গাঁও পঞ্চায়তৰ সভাপতি আলতাব আলী, আঞ্চলিক সদস্যা সাজিদা আহমেদ, গৰৈমাৰী ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আৱাল চাহাব, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমান প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in