গৰৈমাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

গৰৈমাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আঞ্চলিক ঈদগাহ প্ৰাংগণত শুকুৰবাৰে এখনি বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়৷ জানিব পৰামতে গুৱাহাটী লায়েন্স চকু চিকিৎসালয়ৰ উদ্যোগত ছয়গাঁৱৰ বিশিষ্ট যুৱ সমাজকৰ্মী দেৱজিৎ কলিতাৰ সহযোগত অনুষ্ঠিত শিবিৰত চকুৰ ৰোগত আক্ৰান্ত মুঠ সাতশ ৰোগীৰ চকু পৰীক্ষা কৰাৰ লগতে তেওঁলোকক বিনামূলীয়াকৈ ঔষধ-পাতি যোগান ধৰা হয়৷

ইপিনে শিবিৰত দুগৰাকী চিৰিৎসকৰ জৰিয়তে ৰোগীৰ চকু পৰীক্ষা কৰা হয়৷ আনহাতে অহা ১৬ ছেপ্টেম্বৰত চকুত ছানি পৰা মুঠ ৮০গৰাকী ৰোগীৰ বিনামূলীয়া যাতায়াত ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ চকুৰ অস্ত্ৰোপ্ৰচাৰ গুৱাহাটীৰ লায়েন্স চকু হাস্পতালত সম্পন্ন কৰা হ'ব৷ শিবিৰত অঞ্চলটোৰ আজিজুৰ ৰহমান চৌধুৰী, ছাইফুল ইছলাম, ৰফিকুল ইছলামসহ কেইবাজনো উদীয়মান যুৱকে সেৱা আগবঢ়ায়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in