ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাৰ্ষিক যুৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি…

ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাৰ্ষিক যুৱ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি…

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 'ৰাজ ফাউণ্ডেচন'ৰ উদ্যোগত গৰৈমাৰী ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ষষ্ঠ সংখ্যক বাৰ্ষিক যুৱ মহোৎসৱ অহা ১২ নৱেম্বৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গৰৈমাৰী টাউন ক্লাব খেলপথাৰত অনুষ্ঠিত হ'ব৷ কাৰ্যসূচী অনুসৰি ১২ নৱেম্বৰৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পৰিচালন সঞ্চালক আতোৱাৰ ৰহমানে৷

৮.৩০ বজাত গছপুলি ৰোপন কৰিব মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদে৷ ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰিব বিশিষ্ট সমাজকৰ্মী ডাঃ ফজলুল হক চৌধুৰীয়ে৷ তাৰপাছত ১০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷

১৩ নৱেম্বৰৰ পুৱাৰে পৰা পূৰ্বৰ ৰৈ যোৱা খেল-ধেমালি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব৷ ১৪ নৱেম্বৰৰ পুৱা ৮ বজাত ভেশ্বন প্ৰতিযোগিতাৰ পিচতে সাহিত্য আৰু 'দৰিদ্ৰতা শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ নহয়' শীৰ্ষক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ সন্ধিয়াৰ পৰা জিকিৰ আৰু জাৰী, বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷ ১৫ নৱেম্বৰৰ পুৱা মাৰাথান দৌৰ আৰু ৯ বজাৰ পৰা অসমীয়া আধুনিক গীত, হিন্দী, বিহুগীত, পল্লীগীত, লোকগীত, জ্যোতি, ৰাভা সংগীত, আধুনিক নৃত্য আদি আন্তঃ বিদ্যালয় প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব৷ সন্ধিয়া সাত বজাৰ পৰা 'মিছ বি ভি এ'-২০১৯ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব৷

ইফালে, ১৬ নৱেম্বৰৰ পুৱা অনুষ্ঠিত হ'ব কইনা প্ৰতিযোগিতা৷ সন্ধিয়া ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সভাপতি নুৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিতব্য বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ ডাঃ কমলাকান্ত কলিতা, বিশিষ্ট অতিথি হিচাপে গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আওৱাল চাহাব, প্ৰাক্তন অধ্যক্ষ হবিবুৰ ৰহমান, সহঃ অধ্যাপকদ্বয় ড০ শ্বেখ মজিবৰ ৰহমান, ড০ ফখৰ উদ্দিন আলী আহমেদ আৰু সন্মানীয় অতিথি হিচাপে সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছৰাফ উদ্দিন আহমেদ, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ, বকোৰ ২নং যোগীপাৰাৰ এল বি এছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ছৈয়দ আহমেদ, চাম্পুপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আবিদা খাতুন, কালাতলী কাঠমী আঞ্চলিক জুনিয়ৰ কলেজৰ অধ্যক্ষ ৰফিকুল ইছলাম, উপৰহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আব্দুছ ছালাম, কবি মিৰ্জা হুমায়ুন কবিৰ অংশগ্ৰহণ কৰিব৷ নিশা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিব ছয়গাঁও থানাৰ অ'চি ৰূপম হাজৰিকাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in