গৰৈমাৰীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি

গৰৈমাৰীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীত মঙলবাৰে সন্ধিয়া পূৱ ছমৰীয়া ও গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত অষ্টমসংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ সমূহীয়া শ্ৰদ্ধাঞ্জলি জনোৱা হয়৷

জানিব পৰামতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে মংগলবাৰে সন্ধিয়া শাখা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমান চৌধুৰীৰ সঞ্চালনাত অনুষ্টুপীয়াকৈ গৰৈমাৰী বজাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট সমাজকৰ্মী ডাঃ ফজলুল হক চৌধুৰী, মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আহমেদ, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমান, শিক্ষকদ্বয় আনোৱাৰ হুছেইন, আব্দুল মজিদৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি অখিল সূত্ৰধৰ, কৈলাস কলিতা, পূৱ ছমৰীয়া আৰু গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি ৰফিকুল ইছলাম প্ৰমূখ্যে আছুৰ কৰ্মকৰ্তাসকল অংশ গ্ৰহণ কৰে৷

আনহাতে শ্ৰদ্ধা়ঞ্জলি অনুষ্ঠানত শোকসভা, বন্তি প্ৰজ্বলন কৰা হয়৷ উল্লেখযোগ্য যে কাৰ্যসূচীৰ প্ৰাৰম্ভিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমানে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in