গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত পূব ছমৰীয়া ও গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ উদ্যোগত চাম্পুপাৰা শাখাৰ সহযোগত শুকুৰবাৰে আলিকাষ-টপাৰপথাৰ ই এণ্ড ডি মথাউৰিত আশ্ৰয় লোৱা বানপীড়িতসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়৷ জানিব পৰা মতে গৰৈমাৰীৰ আলিকাষ, মাজৰটোপ, বাতাহিদিয়া, বৰাখাট, আচলপাৰা, বাঘমাৰা, অগ্ৰদূত ৰিজাৰ্ভ, কমলাপুৰ আদি গাঁৱৰ বানাক্ৰান্ত লোকৰ মাজত সংগঠনটোৱে খাদ্য সামগ্ৰী বিতৰণ কৰে৷

কাৰ্যসূচীত চাম্পুপাৰা, পূব ছমৰীয়া ও গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে অংশ গ্ৰহণ কৰে৷ আনহাতে 'কুদ্ৰত' নামৰ এটি বেচৰকাৰী সংস্থাই শনিবাৰে আলিকাষ-টপাৰপথাৰ ই এণ্ড ডি মথাউৰিত আশ্ৰয় লোৱা বন্যাৰ্তসকলৰ মাজত মমবাতি, চাউল, চিৰা, বিস্কুট আদি খাদ্য সামগ্ৰী বিতৰণ কৰে৷ কাৰ্যসূচীত ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে 'কুদ্ৰত' নামৰ সংস্থাটোৰ বিষয়ববীয়াসকল অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in