বিটিচি পৰিষদীয় নিৰ্বাচনত ইউ পি পি এলক মুকলিকৈ সমৰ্থন গোৰ্খা ছাত্ৰ সন্থাৰ…

বিটিচি পৰিষদীয় নিৰ্বাচনত ইউ পি পি এলক মুকলিকৈ সমৰ্থন গোৰ্খা ছাত্ৰ সন্থাৰ…

ডিজিটেল সংবাদ,ওৰাং : সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা,ওৰাং, ধনশ্ৰীঘাট আৰু মাজবাট জিলা সমিতিৰ উদ্যোগত ধনশ্ৰীঘাটত গোৰ্খা ছাত্ৰ সন্থাৰ সংবাদ মেল। সংবাদ মেলত যোৱা ইং ১১ নৱেম্বৰ তাৰিখে এখন আগশাৰীৰ দৈনিক বাতৰি কাকতত প্ৰকাশিত বাতৰিত আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত "গোৰ্খা সকলে নাঙলৰ চিহ্নত ভোটদান কৰিব " শিৰ্ষক বাতৰি সন্দৰ্ভত প্ৰতক্ৰিয়া প্ৰকাশ কৰে ।

গোৰ্খা ছাত্ৰ সন্থাৰ তিনিওটা আঞ্চলিকৰ বিষয়ববিয়াই সংবাদ মেল অনুষ্ঠিত কৰি কয় যে পাছনৈ চেৰফাং সমষ্টিত ইউ পি পি এলৰ মনোনীত প্ৰাৰ্থী দীপক বৰালক ওদালগুৰি জিলা আগছুয়ে মুকলিকৈ সমৰ্থন কৰা সত্বেও যোৱা ১১ নৱেম্বৰত মাজবাটত গোৰ্খা জনগোষ্ঠীৰ অভিভাৱক হিচাপে বিপিএফ দলৰ কিছুমান দালাল চক্ৰই সভা অনুষ্ঠিত কৰি সমগ্ৰ গোৰ্খা জনগোষ্ঠীৰ ভোট বি পি এফক দিবলৈ আহ্বান জনোৱাৰ লগতে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ।

লগতে অনাগত দিনত এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ গোৰ্খা ছাএ সন্থাৰ তিনিওটা আঞ্চলিকে সকিয়াই দিয়ে৷ লগতে গোৰ্খা ছাএ সন্থাই মুকলিকৈ সমৰ্থন জনোৱা পাছনৈ চেৰফাং সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী দিপক বৰালক বিপুল ভোটত জয়ী কৰোৱাৰ সংকল্প লয়৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in