শেহতীয়া খবৰ
দুৰ্লভ নাথক কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্যিক বিজেপিৰ… • এখন গাঁও, দুই শতাধিক দিব্যাংগ আৰু বিদ্যালয়ৰ মুখ নেদেখা কিশোৰবোৰ... • পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা... • হাতী-মানুহৰ সংঘাত: নাৰায়ণপুৰত হাহাকাৰ অৱস্থা… • মঙলদৈৰ অল্পনাৰ জীৱন সংগ্ৰামঃ বাৰীৰ কঁচু-ঢেকীয়া বিক্ৰী কৰি পোহপাল দিছে পিতৃ-মাতৃক... • জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ...

মহানগৰীৰ ৰাজপথত হাতত অস্ত্ৰ লৈ যুৱকৰ গুণ্ডাগিৰি, এফালৰ পৰা কৰিলে আক্ৰমণ, তাৰ পিছত…

1,216

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ গড়চুকত শনিবাৰে দিনৰ ভাগত ড্ৰাগছ আসক্ত যুৱকৰ উদ্ভণ্ডালিয়ে আতংকিত কৰি তোলে স্থানীয় লোকসকলক। ৰাজপথত হঠাতে অমৃত কৰ্মকাৰ নামৰ এজন যুৱকে অত্যাধিক ড্ৰাগছ সেৱন কৰি নিয়ন্ত্ৰণ নোহোৱা হৈ হাতত চোকা অস্ত্ৰ লৈ ৰাজপথত সন্ত্ৰাসৰ সৃষ্টি কৰে।

ইফালে এই সন্ত্ৰাসৰ সীমা পাৰ হৈ অৱশেষত ৩ গৰাকীকৈ ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে যুৱকজন। তাৰ পিছত স্থানীয়লোকে কেইবাঘন্টাধৰি চেষ্টা চলাই যুৱকজনক হাতে লোটে ধৰি গড়চুক আৰক্ষী হাতত গতাই দিয়ে। আনহাতে এনেদৰে ৰাজপথত মুকলিকৈ ড্ৰাগছ সেৱন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ঘটনাক স্থানীয় লোকে সাধাৰণ লোকক নিৰাপত্তা প্ৰদানত আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই সম্ভৱ হোৱা বুলি মন্তব্য কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি