ৰহাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৬৯ সংখ্যক মৃত্যু তিথি পালন… VIDEO

ৰহাত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৬৯ সংখ্যক মৃত্যু তিথি পালন… VIDEO

ডিজিটেল সংবাদ, ৰহাঃ সোমবাৰে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ ৬৯সংখ্যক মৃত্যু তিথি তেওঁৰ জন্মস্থান ৰহাত বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। ৰাজ্যিক সংগ্ৰহালয় সঞ্চালকালয় আৰু ৰহা প্ৰশাসনৰ উদ্যোগত লোকপ্ৰিয়ৰ জন্মস্থানতে স্থাপন কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয়ত অনুষ্ঠিত হোৱা এই মৃত্যু তিথিৰ উপলক্ষ্যে পুৱা বন্তি প্ৰজ্বলন কৰে ৰহা ৰাজহ চক্ৰৰ বিষয়া মন্দিৰা বেগমে আৰু গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিত মাল্যাপন কৰে ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক ৱাই এছ ৱালিংটনে।

ইয়াৰ পিচতে এক মুকলি সভাও অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত ৰহাৰ গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে। উল্লেখ্য যে, ৰহাত জন্মগ্ৰহণ কৰা গোপীনাথ বৰদলৈৰ স্মৃতিত ১৯৯৮ চনত ৰাজ্য চৰকাৰে লোকপ্ৰিয়ৰ জন্মস্থানতে 'ভাৰত ৰত্ন গোপীনাথ বৰদলৈ স্মৃতি সংগ্ৰহালয়' নামেৰে এটা সংগ্ৰহালয় স্থাপন কৰা হয়, য'ত লোকপ্ৰিয়ে আপুৰুগীয়া সম্পদসমূহ সংৰক্ষিত কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in