অসম দৰ্শনৰ আঁচনিৰ পৰা বঞ্চিত শতাব্দী প্ৰাচীন গোপালথান মন্দিৰ…

অসম দৰ্শনৰ আঁচনিৰ পৰা বঞ্চিত শতাব্দী প্ৰাচীন গোপালথান মন্দিৰ…

ডিজিটেল সংবাদ,বাঁহজানী : নলবাৰী চহৰৰ পৰা ৫ কিলোমিটাৰ দূৰত্বৰ চান্দকুছি- ক্ষুদ্ৰ শংকৰা গাঁৱৰ মধ্য ভাগত অৱস্থিত ঐতিহাসিক গোপাল মন্দিৰ শতাব্দী প্ৰাচীন হোৱা সত্বেও ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিত নোসোমাল । এই ক্ষোভৰ মঙলবাৰে মুকলি প্ৰকাশ ঘটিল গোপালন সমিতিয়ে আয়োজন কৰা ৮৬ তম সভা উৎসৱৰ বাৰ গোপাল সেৱাত ।

মঙলবাৰে সভা উৎসৱৰ লগত সংগতি ৰাখি বৰণীয়া কাৰ্যসূচীৰে ৰাজহুৱা হোমযজ্ঞৰ আয়োজন কৰা হৈছিল । সমান্তৰাল ভাৱে বাৰজন শিশুক ৰাধা কৃষ্ণৰ সাজ সজ্জা কৰি ভক্তি ভাৱে মঞ্চত বহুৱাই দিয়া হৈছিল ।শিশু কৃষ্ণ- ৰাধাৰ সেৱা কৰিবলৈ শতাধিক আই মাতৃ উন্মুখ হৈ পৰে গোপালথানৰ পৱিত্ৰ বাকৰিত ।দুপৰীয়া প্ৰায় এক বজাত এই বাৰ গোপাল সেৱা আনুষ্ঠানিক ভাৱে উন্মোচন কৰে নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলৰ অধ্যক্ষ , সমাজ হিতৈষী। গনেশ তামুলীয়ে ।

উদ্বোধনী ভাষণত তেওঁ কয় শিপাৰ সতে সম্পৰ্ক নথকা মানুহ হৃদয়হীন ।। তেওঁ বিলাকৰ পূজা অৰ্চনা ভগৱানে গ্ৰহণ নকৰে । ভাৰতীয় সনাতন হিন্দু ধৰ্মৰ আধ্যাত্মিক ভাৱাদৰ্শক বিশ্বৰ শ্ৰেষ্ঠ আদৰ্শ বুলি অভিহিত কৰি তামুলীয়ে কয় কৃষ্ণ গোপাল প্ৰতিজন ভাৰতীয়ৰ আত্মাত আছে । তেওঁ বিশ্বজনীন , সৰ্বব্যাপি তেওঁ মানৱতাবাদী পুৰুষ হৈ আছে । তেওঁ মন্দিৰৰ ভগ্নপ্ৰায় অৱস্থা দেখি দুখ প্ৰকাশ কৰা সময়তে সমিতিৰ কৰ্মকৰ্তা সকলে কয় আমি ৰজাঘৰৰ পৰা বঞ্চিত , অৱহেলিত ।। ইয়াৰ সভা ৮৬ বছৰীয়া , মন্দিৰ তাৰে ৭০ বছৰ আগৰ । লগে লগে তেওঁ নিজৰ উদ্যোগত মন্দিৰৰ চাঁদ ভাগি পুনৰ নিৰ্মাণৰ গুৰুদায়িত্ব নিজে লোৱাৰ কথা ঘোষণা কৰে ।

নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি তথা সমিতিৰ উপদেষ্টা ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে দৰং কলেজৰ অৱসৰপ্ৰাপ্ত ইংৰাজী বিষয়ৰ মূৰব্বী অধ্যাপক ডঃ দেবব্ৰত বৰদলৈ । বৰদলৈয়ে কয় শিশুৰ নিৰ্মল হৃদয়ৰ আৰত গোপাল প্ৰভু জীৱন্ত ৰূপত প্ৰকাশ হয়। হিন্দু ধর্মৰ বেদান্ত দৰ্শন আৰু উপনিষদৰ ৰসাল ভাষণণেৰে পৰিৱেশটো মনোময় কৰে বিশিষ্ট গৱেষকজনে । সমিতিৰ সম্পাদক অখিল ডেকাই উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটোত , সভাপতি অমূল্য ডেকা , প্ৰাক্তন সভাপতি হৰগোবিন্দ ডেকা , উপ সভাপতি কন্দৰ্প ডেকা , গোপালথান হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰকাশ ডেকা , সমাজ সেৱক দীনেশ শৰ্মা , কৈলাশ শৰ্মা , মুনীন তালুকদাৰ , প্ৰতাপ শৰ্মা , বীৰেন মেধি , শিক্ষা ব্ৰতী ৰূপ কুমাৰ শৰ্মা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in