‘নতুন দিনৰ প্ৰত্যাশা’ উন্মোচন…

‘নতুন দিনৰ প্ৰত্যাশা’ উন্মোচন…

ডিজিটেল ডেস্কঃ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা লেখক গোপাল জালানৰ প্ৰকাশিত ভিন্ন বিষয়ক গ্ৰন্থ 'নতুন দিনৰ প্ৰত্যাশা' উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। যোৱা দেওবাৰে বিয়লি প্ৰায় ২.৪৫ বজাত গুৱাহাটীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত এই গ্ৰন্থখন উন্মোচন কৰি নিতুমণি শইকীয়াই কয়- '২০১৮বৰ্ষটিত অসমৰ বিভিন্ন কাকত আৰু আলোচনীত প্ৰকাশিত সাহিত্য, ক'লা-সংস্কৃতি, ৰাজনীতিৰ বিভিন্ন লেখাসমূহক সামৰি এই গ্ৰন্থখন প্ৰকাশ কৰা হৈছে। এজন সমাজ সচেতন ব্যক্তি হিচাপে গোপাল জালানৰ এখন সুকীয়া আসন আছে। তেওঁ অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। তেওঁৰ লেখাসমূহত বৰ্তমান সময় আৰু সমাজৰ না না দিশৰ প্ৰতিফলিত হোৱা প্ৰতিচ্ছবি দেখা পাওঁ। এনে প্ৰাসংগিক লেখাই বৰ্তমান সময়ৰ বহু কথা উনুকিয়াই যায় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই বিশিষ্ট সাংবাদিকগৰাকীয়ে।'

বিশাল প্ৰকাশনৰ স্বত্তাধিকাৰী তথা ভাষা সাহিত্য-সাংস্কৃতিক বিষয়ক মাহেকীয়া আলোচনী 'বাৰ্তা পখিলী'ৰ সম্পাদক ব্ৰজেন্দ্ৰ নাথ ডেকাই আঁত ধৰা অনুষ্ঠানটিৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত তাকে শিৱসাগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ সহ-অধ্যাপক তথা বিশিষ্ট লেখক ড০ সব্যসাচি মহন্তই। ভাষণ প্ৰসংগত বিশিষ্ট অতিথি গৰাকীয়ে কয়- 'গোপাল জালানৰ লেখাসমূহত ভিন্ন বিষয়ৰ বাৰ্তা প্ৰকাশ পোৱা লক্ষ্য কৰিছো। চমু অথচ অতি স্পৰ্শকাতৰ বিষয় এটাক সুন্দৰকৈ উপস্থাপন কৰিব পৰা তেওঁৰ দক্ষতা শলাগিবলগীয়া।

উল্লেখ্য যে, শৈশৱৰে পৰা জালানে বিভিন্ন দৈনিক কাকত-আলোচনী আদিত নিয়মীয়াকৈ লিখি আহিছে। নিবন্ধকাৰ হিচাপেও জালানে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে। 'জীৱনৰ বাটতঃ এক চিন্তা', জীৱনৰ বাটতঃ চিন্তাৰ এক সুঁতি, জীৱনৰ বাটতঃ এক অনুভূতি, জীৱনৰ বাটতঃ এক প্ৰবাহ আৰু প্ৰত্যাহ্বান নামৰ গ্ৰন্থৰ লেখক গোপাল জালানৰ ষষ্ঠখন গ্ৰন্থ হৈছে 'নতুন দিনৰ প্ৰত্যাশা'। গ্ৰন্থ উন্মোচনী সভাত লেখক গোপাল জালানে গ্ৰন্থখন অসমীয়া ভাষাৰ পঢ়ুৱৈসকলে ইংৰাজী নৱবৰ্ষৰ উপহাৰ হিচাপে গ্ৰহণ কৰি অনুপ্ৰাণিত কৰিব বুলি মত ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in