এতিয়া গুগ’ল পে’ত কৰিব পাৰিব ৰে’লৰ টিকট বুকিং…

এতিয়া গুগ’ল পে’ত কৰিব পাৰিব ৰে’লৰ টিকট বুকিং…

ডিজিটেল ডেস্কঃ অনলাইন পেইমেন্ট এপ গুগ'ল পে'ত (Google Pay) সংযোগ কৰা হৈছে নতুন সুবিধা। গুগ'ল পে'ৰ জৰিয়তে আপুনি এতিয়াৰে পৰা অতি সহজে ৰে'লৰ টিকট বুকিং কৰিব পাৰিব। এপটোত ৰে'লৰ টিকট বুকিঙৰ এই সুবিধা আই আৰ চি টি চিৰ জৰিয়তে দিয়া হৈছে। গুগ'লে জনোৱা মতে, এই সুবিধা এণ্ড্ৰইড আৰু আই অ' এছ দুয়োটা ব্যৱহাৰকাৰীয়ে লাভ কৰিব। এপটোৰ বিজনেছ ছেকশ্যনত এই সুবিধা পাব ব্যৱহাৰকাৰীয়ে।

ইয়াৰোপৰি, এই এপটোত আই আৰ চি টি চিটিকট বুকিং ছাপোৰ্টৰ সুবিধাত ব্যৱহাৰকাৰীয়ে এপটোতে ছাৰ্চ, বুকিং আৰু টিকট বাতিলোকৰিব পাৰিব। লগতে এপটোত ছীটৰ উপল্ধতাৰ সন্দৰ্ভতো তথ্য লাভ কৰিব। টিকট বুকিঙৰ এইসুবিধা লাভ কৰিবৰ বাবে ব্যৱহাৰকাৰীয়ে নিজৰ আই আৰ চি টি চি একাউণ্ট ল'গ-ইন কৰিবলাগিব। আৰু গুগ'ল পে'ৰ জৰিয়তে টিকট বুকিং কৰাৰ বাবে কোনো ধৰণৰ অতিৰিক্ত ধন ব্যয়কৰিব নালাগে।

গুগ'ল পে'ত কেনেদৰে কৰিব ৰেলৰ টিকট বুকিংঃ

১. প্ৰথমে গুগ'ল পে' এপটো খুলিবিজনেছ ছেকশ্যনত দেখুওৱা 'Trains'ত ক্লিক কৰক।

২. তাৰপাছত বুক ট্ৰেইন টিকটত ক্লিককৰক।

৩. কোনটো ষ্টেচনৰপৰা যাত্ৰা কৰিব আৰুগন্তব্য স্থান আৰু তাৰিখ আদি তথ্য ভৰ্তি কৰক।

৪. তাৰপাছত আপোনাৰ স্ক্ৰীনত ইয়াৰসৈতে জড়িত তথ্য দেখিবলৈ পাব আৰু ছীট উপলব্ধ আছে নে নাই সেয়া জানিবলৈ Checkavailability ক্লিক কৰক।

৫. যি শ্ৰেণীৰ দবাতআপুনি যাত্ৰা কৰিব বিচাৰে তাত ক্লিক কৰক।

৬. তাৰপাছত আপুনিআপোনাৰ আই আৰ চি টি চি একাউণ্টৰ তথ্যসমূহ ভৰ্তি কৰক। যদি আপোনাৰ আই আৰ চি টি চিএকাউণ্ট নাই, তেন্তে ক্ৰিয়েট একাউণ্টৰো বিকল্প আছে।

৭. তাৰপাছতযাত্ৰীগৰাকীৰ তথ্যসমূহ জমা দিয়ক।

৮. তাৰপাছত জমাকৰা তথ্য সমূহ নিশ্চিত কৰি 'Continue'ত ক্লিক কৰক।

৯. পেইমেন্টঅপশ্যনত ক্লিক কৰি 'Proceedto continue'ত ক্লিক কৰিব লাগিব।

১০. তাৰপাছত লিখিব লাগিব আপোনাৰ ইউ পি আই পিননম্বৰ।

১১. পিন নম্বৰ দিয়াৰ পাছতেই আপোনাৰ আই আৰ চি টিচি পাছৱৰ্ড আৰু কেপ্সা কোড জমা দিব লাগিব।

১২. 'Submit'ত ক্লিক কৰক আৰুআপোনাৰ টিকট বুক হৈ যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in