ডিজিটেল ডেস্কঃ গুগ’লে শুকুৰবাৰে সঞ্জয় গুপ্তাক ভাৰতত কোম্পানীটোৰ ব্যৱসায় বৃদ্ধিৰ বাবে উপাধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰে। সঞ্জয় গুপ্তাই ২০২০ৰ আৰম্ভণিত এই দায়িত্ব গ্ৰহণ কৰিব। উল্লেখ্য যে, তেওঁ ইয়াৰ পূৰ্বে গুগ’লৰ গুৰুগ্ৰাম, হায়দৰাবাদ, বাংগালুৰুৰ দলসমূহৰ সৈতে মিলি কাম কৰি আহিছিল।
গুগ’লৰ এপিএচিৰ অধ্যক্ষ স্ক’ট ব্যুমটে এই সন্দৰ্ভত কয় যে, সঞ্জয় গুপ্তাক এই পদত নিযুক্তি দি আৰু তেওঁৰ সৈতে কাম কৰিবলৈ পাই আমিও সুখী।তেওঁৰ অভিজ্ঞতা আৰু নেতৃত্বই আমাৰ ব্যৱসায়ক ভাৰতত আৰু বৃদ্ধি কৰিব।।’