শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  হিমাচলপ্ৰদেশৰ মানালী-কেইলং সংযোগী পথত পুনৰ যান-বাহন চলাচল আৰম্ভ...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...

ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ…

1,179

ডিজিটেল ডেস্কঃ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা ইনষ্টাগ্ৰামত আপুনি কৰিব পাৰিব বজাৰ। ফেচবুকৰ মালিকাধীন ইনষ্টাগ্ৰাম প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিছে ইন-এপ্লিকেচন শ্ব’পিং সেৱা। ইয়াৰ বাবে ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰা ১৩০ নিযুত লোকে বিভিন্ন কোম্পানীৰ সামগ্ৰী ক্ৰয় কৰিব পাৰিব।

বৰ্তমান আমেৰিকাত মুকলি কৰা হৈছে এই সোৱা। যাৰ দ্বাৰা ২৩ টাকৈ সামগ্ৰী গ্ৰাহকৰ বাবে উপলব্ধ হৈছে। সামগ্ৰী সমূহৰ ভিতৰত আছে বাৰবেৰী, ডায়ৰ, নাইকী, প্ৰাডা, ৱাৰবি পাৰ্কাৰ, কাইলী কছমেটিকছ ইত্যাদি। ইতিমধ্যে প্ৰতিষ্ঠানটোৱে এই তালিকাত অধিক নাম সংযোজন হ’ব বুলি জানিবলৈ দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি