শেহতীয়া খবৰ
মঙলবাৰে সন্দিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মঙলবাৰে সন্দিয়ালৈকে প্ৰকাশ পাব বিজেপি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা...  •  মুখ খুলি নক’লেও টিকট নাপায় বহু অসন্তুষ্টিত আছে কামাখ্যা প্ৰসাদ তাছা...  •  অন্তঃত এদিনৰ বাবে সকাহ…  •  গোৱালপাৰাত ৩দিনীয়া কাৰ্যসূচীৰে ৰাভা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিবেশন, VIDEO  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন  •  মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক...

ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ভাল খবৰ

1,622

ডিজিটেল ডেস্কঃ ক্ষুদ্ৰ ব্যৱয়াসীসকলক সকাহ দি বৃহস্পতিবাৰে জি এছ টি পৰিষদে জিএছটি ৰেহাইৰ সীমা বৃদ্ধি কৰি দুগুন কৰিছে। ইয়াৰ উপৰিও কম্পোজিছন যোজনা লাভৰ সীমাও বৃদ্ধি কৰা হৈছে। বিত্তমত্তী অৰুণ জেটলীয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে জিএছটি পৰিষদে ক্ষুদ্ৰ ব্যৱসায়ীসকলক জিএছটিৰ পৰা সকাহ প্ৰদান কৰি বাৰ্ষিক কৰ ২০ লাখৰ পৰা বৃদ্ধি কৰি ৪০ লাখলৈ বৃদ্ধি কৰিছে। আনহাতে পুৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ বাবে এই পৰিমাণ বৃদ্ধি কৰি ২০ লাখ কৰা হৈছে বুলিও জানিবলৈ দিয়ে অৰুণ জেটলীয়ে।

তদুপৰি বৃদ্ধি কৰা হৈছে কম্পোজিছন যোজনাৰ লাভ লোৱাৰ সীমাও। এই যোজনাৰ অধীনত ক্ষুদ্ৰ ব্যৱাসায়ী আৰু কোম্পানীসমূহে উৎপাদিত সামগ্ৰীৰ মূল্যবৰ্ধনৰ বিপৰীতে তেওঁলোকৰ ব্যৱসায়ৰ হিচাবত সাধাৰণ কৰ প্ৰদান কৰিব লাগিব। কম্পোজিছন যোজনাৰ বাবে নিৰ্ধাৰিত সীমা পূৰ্বৰ ১ কোটিৰ বিপৰীতে এতিয়া ডেৰ কোটি কৰা হৈছে বুলি জনায় বিত্তমন্ত্ৰীগৰাকীয়ে।

বিত্তমন্ত্ৰী জেটলীয়ে মন্তব্য কৰা মতে, এই দুই পদক্ষেপৰ জৰিয়তে সাধাৰণ আৰু মধ্য উদ্যোগী সকলে সকাহ লাভ কৰিব। ইয়াৰ উপৰিও পৰিষদে কেৰালাক ২ বছৰৰ বাবে ৰাজ্যৰ ভিতৰত হ’বলগা বিক্ৰীৰ ওপৰত এক শতাংশ ‘দুৰ্যোগ’ কৰ লগোৱাৰ অনুমতি প্ৰদান কৰা বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি