বিয়াৰ পিছতে প্ৰিয়ংকালৈ আহিল ভাল খবৰ

বিয়াৰ পিছতে প্ৰিয়ংকালৈ আহিল ভাল খবৰ

ডিজিটেল ডেস্কঃ বিয়াৰ পিছতে দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাৰ ভাল দিন আহিছে৷ ২ ডিচেম্বৰত যোধপুৰত নিক জোনাছৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা প্ৰিয়ংকা এতিয়া ব্যস্ত বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত৷ এই ব্যস্ততাৰ মাজতে প্ৰিয়ংকালৈ আহিছে এক সুখবৰ৷ আমেৰিকাৰ প্ৰখ্যাত আলোচনী 'ফৰ্বছ'এ প্ৰকাশ কৰা বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান পাইছে প্ৰিয়ংকাই৷

ভাৰতীয় মহিলাৰ ভিতৰত এই তালিকাত স্থান পোৱা প্ৰিয়ংকা চোপ্ৰা হৈছে একমাত্ৰ বলীউড তাৰকা৷ অভিনেত্ৰীগৰাকীয়ে এই তালিকাৰ ৯৪ সংখ্যক স্থান দখল কৰিবলৈ হৈছে৷ জাৰ্মান চেন্সেলৰ এঞ্জেলা মৰ্কেলে শীৰ্ষস্থান দখল কৰিছে এই তালিকাৰ৷ এই তালিকাত স্থান লাভ কৰিছে ভাৰতৰ আন তিনিগৰাকী মহিলাইও৷

তালিকাত ৫১ সংখ্যক স্থান দখল কৰিছে এ চি এল টেকন'লজিছৰ মুখ্য কাৰ্যবাহী বিষয়া ৰছ'নী নাডাৰ মালহোট্ৰাই৷ ইয়াৰ পিছতে তালিকাৰ ৬০ সংখ্যক স্থান লাভ কৰি বায়কনৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ কিৰণ মজুমদাৰ শ্ব'ৱে৷ তালিকাৰ ৮৮ সংখ্যক স্থানত আছে এইছ টি মিডিয়াৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক শোভানা ভাৰতীয়া৷

উল্লেখ্য যে, এই তালিকাত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী থেৰেছা মে'য়ে আৰু আই এম এফৰ পৰিচালক সঞ্চালক ক্ৰিষ্টেন লাগাৰ্ডে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in