কেন্দ্ৰৰ ‘সুশাসন’ৰ তালিকাঃ কৃষি-বাণিজ্য, জনতাৰ সুৰক্ষা- অৰ্থনৈতিক ক্ষেত্ৰত অসমৰ স্থান কিমানত…

কেন্দ্ৰৰ ‘সুশাসন’ৰ তালিকাঃ কৃষি-বাণিজ্য, জনতাৰ সুৰক্ষা- অৰ্থনৈতিক ক্ষেত্ৰত অসমৰ স্থান কিমানত…

? ডিম্পুল বৰগোহাঁই

সময়ৰ টিকনি আগফালে৷ কাৰো বাবে ৰ'বলৈ সময়ৰ 'সময়' নাই৷ ই নিৰন্তন, চিৰপ্ৰবাহমান৷ সৌ সেইদিনা সকলোৱে আদৰিছিল ২০১৯ক৷ আজি বিদায় দিয়াৰ সময় সমাগত।

কি পালে ২০১৯ত ৰাজ্যবাসীয়ে? কি পালে দেশবাসীয়ে? সেই হিচাবৰ তালিকা কেইটামান শব্দৰ ভিতৰতে সীমাবদ্ধ কৰাটো সম্ভৱ নহয়৷ ৰাজ্য-দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতি ছেকেণ্ডতে নতুন খবৰ৷ কিছু খবৰ সুখৰ, কিছু খবৰ দুখৰ৷ কিছু প্ৰাপ্তি আৰু আন কিছু অপ্ৰাপ্তিৰ দুখেৰে পূৰ্ণ খবৰ৷ তথাপিও এই সকলোবোৰ খবৰ৷ প্ৰতিদিনৰ খবৰৰ মাজতেই ২০১৯ শেষ হবলৈ মাজত মাত্ৰ ৩ টা দিন।

২০১৯ বৰ্ষটো অসমৰ প্ৰেক্ষাপটত চাবলৈ গ'লে অতিকৈ গুৰুত্বপূৰ্ণ। ১৯৮৫ চনৰ পিছত বিশেষভাৱে গুৰুত্বপূৰ্ণ বৰ্ষ হিচাপে পৰিগণিত হ'ল ২০১৯। অসমৰ কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্যৰ ৰক্ষাৰ বাবে ২০১৯ত অসমবাসীয়ে যিদৰে যুঁজ দিলে, সেইয়া মনত ৰাখিব নৱ প্ৰজন্মই।

কিন্তু কেৱল আন্দোলন-প্ৰতিবাদেই যে এটা জাতিৰ কৃষ্টি-সংস্কৃতি, ভাষা-সাহিত্যৰ ৰক্ষা নকৰে তাৰ কথাও আমি প্ৰতিজন অসমীয়াই মনত ৰাখিব লাগিব। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে আগতেই কৈ গৈছে, যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে, সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে।

২০১৯ৰ শেষৰফালে অসমত ব্যাপক প্ৰতিবাদ-আন্দোলন চলি থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ৰাজ্য, পাৰ্বত্য অঞ্চল, কেন্দ্ৰীয় শাসিত অঞ্চল সামৰি প্ৰকাশ কৰিলে এখন তালিকা। চলিত বৰ্ষৰ ২৫ ডিচেম্বৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি কেন্দ্ৰই প্ৰকাশ কৰিছে 'good governance index' শীৰ্ষক এখন তালিকা।

দেশৰ সকলো ৰাজ্য, উত্তৰ-পূূব তথা পাৰ্বত্য অঞ্চল, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ Personnel, Public Grievances & Pensions মন্ত্ৰালয়ে প্ৰকাশ কৰি উলিয়াইছে এই তালিকা। এখন ৰাজ্য সুশাসনৰ বাবে প্ৰয়োজনীয় ১০ টা দিশক গুৰুত্ব প্ৰদান কৰি প্ৰস্তুত কৰি কৰি উলিওৱা হৈছে good governance index। যোৱা ২৫ ডিচেম্বৰত good governance dayৰ সৈতে সংগতি ৰাখি এই তালিকা প্ৰকাশ কৰা অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ লগতে কেইবাজনো শীৰ্ষ বিষয়া।

good governance index প্ৰস্তুত কৰোতে গুৰুত্ব দিয়া দিশ সমূহ হৈছে-

কেন্দ্ৰীয় চৰকাৰে good governance index প্ৰস্তুত কৰোতে বৃহৎ ৰাজ্যৰ ভিতৰত ধৰা ৰাজ্য কেইজন হৈছে- অন্ধ্ৰ প্ৰদেশ
বিহাৰ
চত্তীশগড়
গোৱা
গুজৰাট
হাৰিয়ানা
ঝাৰখণ্ড
কৰ্ণাটক
কেৰালা
মধ্য প্ৰদেশ
মহাৰাষ্ট্ৰ
উৰিশ্যা
পঞ্জাৱ
ৰাজস্থান
তামিলনাডু
তেলেংগানা
উত্তৰ প্ৰদেশ
পশ্চিম বংগ

সূচাংকত থকা উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহঃ অৰুণাচল প্ৰদেশ
অসম
হিমাচল প্ৰদেশ
জম্মু-কাশ্মীৰ (সূচাংক প্ৰস্তুত কৰা সময়ত লাডাখক জম্মু-কাশ্মীৰৰ পৰা পৃথক হিচাপে ধৰা নাই)
মণিপুৰ
মেঘালয়
মিজোৰাম
নাগালেণ্ড
চিক্কিম
ত্ৰিপুৰা
উত্তৰাখণ্ড

সূচাংকত থকা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছেঃ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
চণ্ডীগড়
দদ্ৰা আৰু নগৰ হাৱেলী
দমন আৰু দিউ
দিল্লী
লক্ষাদ্বীপ
পুডুচেৰী

কৃষি ক্ষেত্ৰত good governance indexত বৃহৎ ৰাজ্যৰ সমূহৰ স্থানঃ

কৃষি ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ প্ৰথম স্থানত থকা ৰাজ্য খন হৈছে মধ্যপ্ৰদেশ। দ্বিতীয় স্থানত আছে ৰাজস্থান আৰু তৃতীয় স্থানত থকা ৰাজ্যখন হৈছে চত্তীশগড়। কৃষি ক্ষেত্ৰত বিভিন্ন ৰাজ্যৰ সূচাংক সমূহ এনেধৰণৰ

১. অন্ধ্ৰ প্ৰদেশঃ ০.৪৮
২. বিহাৰঃ ০.৫০
৩. চত্তীশগড়ঃ ০.৫৮ (তৃতীয়)
৪. গোৱাঃ ০.২৯
৫. গুজৰাটঃ ০.৪৪
৬. হাৰিয়ানাঃ ০.৪৮
৭. ঝাৰখণ্ডঃ ০.৪১
৮. কৰ্ণাটকঃ ০.৪৩
৯. কেৰালাঃ ০.৩০
১০. মধ্য প্ৰদেশঃ ০.৭৩(প্ৰথম)
১১. মহাৰাষ্ট্ৰঃ ০.৪২
১২. উৰিশ্যাঃ ০.৪৪
১৩. পঞ্জাৱঃ ০.৩৫
১৪. ৰাজস্থানঃ ০.৬০(দ্বিতীয়)
১৫. তামিলনাডুঃ ০.৪৫
১৬. তেলেংগানাঃ ০.২৯
১৭. উত্তৰ প্ৰদেশঃ ০.৪৫
১৮. পশ্চিম বংগঃ ০.৪৫

কৃষিক্ষেত্ৰত উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ স্থানঃ

কৃষি ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ প্ৰথম স্থানত আছে মিজোৰাম। দ্বিতীয় স্থানত আছে হিমাচল প্ৰদেশ, তৃতীয় স্থানত আছে ত্ৰিপুৰা। লক্ষ্যণীয়ভাৱে এই তালিকাত জম্মু-কাশ্মীৰৰ আৰু মেঘালয়ৰ পিছত ষষ্ঠস্থানত আছে অসম। কৃষি প্ৰধান ৰাজ্য হিচাপে অসমৰ এই স্থান বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। কৃষিক্ষেত্ৰত উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ স্থান এনেধৰণৰ-

  • ১. মিজোৰাম ০.৬৬
    ২. হিমাচল প্ৰদেশ ০.৪৭
    ৩. ত্ৰিপুৰা ০.৪৪
    ৪. জম্মু-কাশ্মীৰ ০.৪৪
    ৫. মেঘালয় ০.৪৩
    ৬. অসম ০.৪১
  • ৭. উত্তৰাখণ্ড ০.৩৮
  • ৮. চিক্কিম ০.৩৩
    ৯. অৰুণাচল প্ৰদেশ ০.৩০
    ১০. মণিপুৰ ০.২৯
    ১১. নাগালেণ্ড ০.২৯

কৃষিক্ষেত্ৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সূচাংকত স্থানঃ

কেন্দ্ৰীয় শাসিত অঞ্চলত কৃষিৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে দমন আৰু দিউ, তাৰপিছতে আছে পুডুচেৰী আৰু তৃতীয় স্থানত আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।

১.দমন আৰু দিউ ০.৫১
২. পুডুচেৰী ০.৪৯
৩. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ০.৩৮
৪. চণ্ডীগড় ০.৩২
৫. লক্ষাদ্বীপ ০.২৫
৬. দদ্ৰা আৰু নগৰ হাৱেলী ০.২৩
৭. দিল্লী ০.১৭

উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰত good governance indexত বৃহৎ ৰাজ্যৰ সমূহৰ স্থানঃ

কি কি দিশৰ ওপৰত গুৰুত্ব দি উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰৰ সূচাংক নিৰ্ণয় কৰা হৈছে

উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ প্ৰথম স্থানত থকা ৰাজ্য খন হৈছে ঝাৰখণ্ড। দ্বিতীয় স্থানত আছে অন্ধ্ৰ প্ৰদেশ আৰু তৃতীয় স্থানত থকা ৰাজ্যখন হৈছে তেলেংগানা।

উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰত বিভিন্ন ৰাজ্যৰ সূচাংক সমূহ এনেধৰণৰ

১. অন্ধ্ৰ প্ৰদেশঃ ০.৯৪ (দ্বিতীয়)
২. বিহাৰঃ ০.৮২
৩. চত্তীশগড়ঃ ০.৯৩
৪. গোৱাঃ ০.৮২
৫. গুজৰাটঃ ০.৯২
৬. হাৰিয়ানাঃ ০.৯২
৭. ঝাৰখণ্ডঃ ০.৯৪(প্ৰথম)
৮. কৰ্ণাটকঃ ০.৯১
৯. কেৰালাঃ ০.৪৩
১০. মধ্য প্ৰদেশঃ ০.৯২
১১. মহাৰাষ্ট্ৰঃ ০.৯০
১২. উৰিশ্যাঃ ০.৮৭
১৩. পঞ্জাৱঃ ০.৫১
১৪. ৰাজস্থানঃ ০.৯০
১৫. তামিলনাডুঃ ০.৮৬
১৬. তেলেংগানাঃ ০.৯৩ (তৃতীয়)
১৭. উত্তৰ প্ৰদেশঃ ০.৮৯
১৮. পশ্চিম বংগঃ ০.৯২

উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰত উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ সূচাংকঃ

উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ প্ৰথম স্থানত আছে উত্তৰাখণ্ড। দ্বিতীয় স্থানত আছে হিমাচল প্ৰদেশ আৰু তৃতীয় স্থানত আছে অসম। উদ্যোগ ক্ষেত্ৰত অসমৰ এই স্থান নিসন্দেহে উৎসাহজনক

১. মিজোৰাম ০.৬৬
২. হিমাচল প্ৰদেশ ০.৮৩ (দ্বিতীয়)
৩. ত্ৰিপুৰা ০.২৮
৪. জম্মু-কাশ্মীৰ ০.৩৪
৫. মেঘালয় ০.০৪
৬. অসম ০.৮৩ (তৃতীয়)
৭. চিক্কিম ০.০৬
৮. অৰুণাচল প্ৰদেশ ০.০৫
৯. মণিপুৰ ০.০৪
১০. নাগালেণ্ড ০.১৯
১১. উত্তৰাখণ্ড ০.৯১ (প্ৰথম)

উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থানঃ

কেন্দ্ৰীয় শাসিত অঞ্চলত কৃষিৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে দিল্লী, তাৰপিছতে আছে দমন আৰু দিউ আৰু তৃতীয় স্থানত আছে দদ্ৰা আৰু নগৰ হাৱেলী।

  • দমন আৰু দিউ ০.৩০ (দ্বিতীয়)
  • পুডুচেৰী ০.২০
  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ০.০৪
  • চণ্ডীগড় ০.১২
  • লক্ষাদ্বীপ ০.০২
  • দদ্ৰা আৰু নগৰ হাৱেলী ০.২২ (তৃতীয়)
  • দিল্লী ০.৩৩ (প্ৰথম)

মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত good governance indexত বৃহৎ ৰাজ্যৰ সমূহৰ স্থানঃ

কি কি দিশৰ ওপৰত গুৰুত্ব দি মানৱ সম্পদৰ বিকাশৰ সূচাংক নিৰ্ণয় কৰা হৈছে

মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ প্ৰথম স্থানত থকা ৰাজ্য খন হৈছে গোৱা। দ্বিতীয় স্থানত আছে পঞ্জাৱ আৰু তৃতীয় স্থানত থকা ৰাজ্যখন হৈছে হাৰিয়ানা।

মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্যৰ সূচাংক সমূহ এনেধৰণৰ

১. অন্ধ্ৰ প্ৰদেশঃ ০.৫৮
২. বিহাৰঃ ০.৫৮
৩. চত্তীশগড়ঃ ০.৫১
৪. গোৱাঃ ০.৮১ (প্ৰথম)
৫. গুজৰাটঃ ০.৬১
৬. হাৰিয়ানাঃ ০.৭৮( তৃতীয়)
৭. ঝাৰখণ্ডঃ ০.৩৯
৮. কৰ্ণাটকঃ ০.৫৪
৯. কেৰালাঃ ০.৭৬
১০. মধ্য প্ৰদেশঃ ০.৪১
১১. মহাৰাষ্ট্ৰঃ ০.৬২
১২. উৰিশ্যাঃ ০.৫৫
১৩. পঞ্জাৱঃ ০.৮০ (দ্বিতীয়)
১৪. ৰাজস্থানঃ ০.৪৮
১৫. তামিলনাডুঃ ০.৬৪
১৬. তেলেংগানাঃ ০.৫৫
১৭. উত্তৰ প্ৰদেশঃ ০.৬১
১৮. পশ্চিম বংগঃ ০.৪৬

মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত ক্ষেত্ৰত উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ সূচাংকঃ

মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ প্ৰথম স্থানত আছে হিমাচল প্ৰদেশ। দ্বিতীয় স্থানত আছে উত্তৰাখণ্ড আৰু তৃতীয় স্থানত অসমৰ চুবুৰীয় ৰাজ্য অসম। এই তালিকাত অসমৰ স্থান আছেগৈ সপ্তম স্থানত। জম্মু-কাশ্মীৰ, নাগালেণ্ড, ত্ৰিপুৰাততকৈ মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত পিছ পৰি আছে অসম।

১. মিজোৰাম ০.৪২
২. হিমাচল প্ৰদেশ ০.৭৪ (প্ৰথম)
৩. ত্ৰিপুৰা ০.৫০
৪. জম্মু-কাশ্মীৰ ০.৫০
৫. মেঘালয় ০.৪০
৬. অসম ০.৪৬
৭. চিক্কিম ০.৪২
৮. অৰুণাচল প্ৰদেশ ০.৩০
৯. মণিপুৰ ০. ৫৪(তৃতীয়)
১০. নাগালেণ্ড ০.৪৭
১১. উত্তৰাখণ্ড ০.৬২ (দ্বিতীয়)

মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থানঃ

কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে পুডুচেৰী, তাৰপিছতে আছে দিল্লী আৰু তৃতীয় স্থানত আছে দমন আৰু দিউ।

  • দমন আৰু দিউ ০.৭৪ (তৃতীয়)
  • পুডুচেৰী ০.৮৫ (প্ৰথম)
  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ০.৫৮
  • চণ্ডীগড় ০.৭৩
  • লক্ষাদ্বীপ ০.৩৩
  • দদ্ৰা আৰু নগৰ হাৱেলী ০.৫২
  • দিল্লী ০.৭৮ (দ্বিতীয়)

সাবৰ্জনীন বা ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত good governance indexত বৃহৎ ৰাজ্যৰ সমূহৰ স্থানঃ

কি কি দিশৰ ওপৰত গুৰুত্ব দি সাবৰ্জনীন বা ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত সূচাংক নিৰ্ণয় কৰা হৈছে

সাবৰ্জনীন বা ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ প্ৰথম স্থানত থকা ৰাজ্যখন হৈছে কেৰালা। দ্বিতীয় স্থানত আছে তামিলনাডু আৰু তৃতীয় স্থানত থকা ৰাজ্যখন হৈছে গোৱা। সাবৰ্জনীন বা ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্যৰ সূচাংক সমূহ এনেধৰণৰ

১. অন্ধ্ৰ প্ৰদেশঃ ০.৬৩
২. বিহাৰঃ ০.৩৬
৩. চত্তীশগড়ঃ ০.৩২
৪. গোৱাঃ ০.৭৭ (তৃতীয়)
৫. গুজৰাটঃ ০.৫৩
৬. হাৰিয়ানাঃ ০.৫৬
৭. ঝাৰখণ্ডঃ ০.৫৪
৮. কৰ্ণাটকঃ ০.৫৯
৯. কেৰালাঃ ০.৮১ (প্ৰথম)
১০. মধ্য প্ৰদেশঃ ০.২৭
১১. মহাৰাষ্ট্ৰঃ ০.৭৪
১২. উৰিশ্যাঃ ০.৩০
১৩. পঞ্জাৱঃ ০.৬৩
১৪. ৰাজস্থানঃ ০.৩২
১৫. তামিলনাডুঃ ০.৭৮(দ্বিতীয়)
১৬. তেলেংগানাঃ ০.৬৩
১৭. উত্তৰ প্ৰদেশঃ ০.১৮
১৮. পশ্চিম বংগঃ ০.৬৩

সাবৰ্জনীন বা ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ স্থানঃ

সাবৰ্জনীন বা ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ প্ৰথম স্থানত আছে মণিপুৰ। দ্বিতীয় স্থানত আছে চিক্কিম আৰু তৃতীয় স্থানত মিজোৰাম। এই তালিকাত অসমৰ স্থান আছেগৈ একেবাৰে শেষত। সততে ৰাজ্যৰ স্বাস্থ্যখণ্ডক লৈ বিভাগীয় মন্ত্ৰীজনে দাংকোপ মৰা কথা কলেও কেন্দ্ৰীয় চৰকাৰ এই তালিকাতে অসমৰ স্বাস্থ্যখণ্ডৰ আচঁল ৰূপ উন্মোচিত হৈছে।

১. মিজোৰাম ০.৬৭ (তৃতীয়)
২. হিমাচল প্ৰদেশ ০.৫৮
৩. ত্ৰিপুৰা ০.৬২
৪. জম্মু-কাশ্মীৰ ০.৫৭
৫. মেঘালয় ০.৪০
৬. অসম ০.২৮
৭. চিক্কিম ০.৭২ (দ্বিতীয়)
৮. অৰুণাচল প্ৰদেশ ০.২৮
৯. মণিপুৰ ০. ৮০ (প্ৰথম)
১০. নাগালেণ্ড ০.৬৫
১১. উত্তৰাখণ্ড ০.৩৮

সাবৰ্জনীন বা ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থানঃ

কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সাবৰ্জনীন বা ৰাজহুৱা স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে পুডুচেৰী, তাৰপিছতে আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু তৃতীয় স্থানত আছে চণ্ডীগড়।

  • দমন আৰু দিউ ০.৬১
  • পুডুচেৰী ০.৭৫ (প্ৰথম)
  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ০.৭৫ (দ্বিতীয়)
  • চণ্ডীগড় ০.৭৫ (তৃতীয়)
  • লক্ষাদ্বীপ ০.৭৩
  • দদ্ৰা আৰু নগৰ হাৱেলী ০.৫২
  • দিল্লী ০.৬৮

বুনিয়াদী আন্তঃগাথঁনিৰ ক্ষেত্ৰত good governance indexত বৃহৎ ৰাজ্যৰ সমূহৰ স্থানঃ

কি কি দিশৰ ওপৰত গুৰুত্ব দি বুনিয়াদী আন্তঃগাথঁনিৰ ক্ষেত্ৰত নিৰ্ণয় কৰা হৈছে

বুনিয়াদী আন্তঃগাথঁনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ প্ৰথম স্থানত থকা ৰাজ্যখন হৈছে তামিলনাডু। দ্বিতীয় স্থানত আছে গুজৰাট আৰু তৃতীয় স্থানত থকা ৰাজ্যখন হৈছে পঞ্জাৱ। সবুনিয়াদী আন্তঃগাথঁনিৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্যৰ সূচাংক সমূহ এনেধৰণৰ

১. অন্ধ্ৰ প্ৰদেশঃ ০.৬৬
২. বিহাৰঃ ০.৫৭
৩. চত্তীশগড়ঃ ০.৫১
৪. গোৱাঃ ০.৬৮
৫. গুজৰাটঃ ০.৭৩(দ্বিতীয়)
৬. হাৰিয়ানাঃ ০.৭১
৭. ঝাৰখণ্ডঃ ০.৫৩
৮. কৰ্ণাটকঃ ০.৬৪
৯. কেৰালাঃ ০.৬৬
১০. মধ্য প্ৰদেশঃ ০.৫৮
১১. মহাৰাষ্ট্ৰঃ ০.৭৩
১২. উৰিশ্যাঃ ০.৫০
১৩. পঞ্জাৱঃ ০.৭৩( তৃতীয়)
১৪. ৰাজস্থানঃ ০.৫৭
১৫. তামিলনাডুঃ ০.৭৪ (প্ৰথম)
১৬. তেলেংগানাঃ ০.৭০
১৭. উত্তৰ প্ৰদেশঃ ০.৫৯
১৮. পশ্চিম বংগঃ ০.৫৪

বুনিয়াদী আন্তঃগাথঁনিৰ ক্ষেত্ৰত উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ স্থানঃ

বুনিয়াদী আন্তঃগাথঁনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ প্ৰথম স্থানত আছে হিমাচল প্ৰদেশ। দ্বিতীয় স্থানত আছে উত্তৰাখণ্ড আৰু তৃতীয় স্থানত ত্ৰিপুৰা। এই তালিকাত অসমৰ স্থান আছে নৱমত। মেঘালয়, মিজোৰাম, মণিপুৰতকৈ পিছত স্থান লাভ কৰিছে অসমে।

  • মিজোৰাম ০.৫৬
  • হিমাচল প্ৰদেশ ০.৬৪ (প্ৰথম)
  • ত্ৰিপুৰা ০.৫৭ (তৃতীয়)
  • জম্মু-কাশ্মীৰ ০.৫৫
  • মেঘালয় ০.৫৩
  • অসম ০.৪৯
  • চিক্কিম ০.৫১
  • অৰুণাচল প্ৰদেশ ০.৩৮
  • মণিপুৰ ০.৫১
  • নাগালেণ্ড ০.৪৮
  • উত্তৰাখণ্ড ০.৩৮

বুনিয়াদী আন্তঃগাথঁনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থানঃ

কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বুনিয়াদী আন্তঃগাথঁনিৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে চণ্ডীগড়, তাৰপিছতে আছে দিল্লী আৰু তৃতীয় স্থানত আছে পুডুচেৰী।

  • দমন আৰু দিউ ০.৬৭
  • পুডুচেৰী ০.৬৯ (তৃতীয়)
  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ০.৫৮
  • চণ্ডীগড় ০.৮৪ (প্ৰথম)
  • লক্ষাদ্বীপ ০.৫৪
  • দদ্ৰা আৰু নগৰ হাৱেলী ০.৫৬
  • দিল্লী ০.৭২ (দ্বিতীয়)

অৰ্থনৈতিক ক্ষেত্ৰত good governance indexত বৃহৎ ৰাজ্যৰ সমূহৰ স্থানঃ

কি কি বিষয়ৰ ওপৰত গুৰুত্ব দি অৰ্থনৈতিক ক্ষেত্ৰৰ সূচাংক নিৰ্ণয় কৰা হৈছে

অৰ্থনৈতিক ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ প্ৰথম স্থানত থকা ৰাজ্যখন হৈছে কৰ্ণাটক। দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ আৰু তৃতীয় স্থানত থকা ৰাজ্যখন হৈছে তেলেংগানা। অৰ্থনৈতিক ক্ষেত্ৰত বিভিন্ন ৰাজ্যৰ সূচাংক সমূহ এনেধৰণৰ

১. অন্ধ্ৰ প্ৰদেশঃ ০.৫৫
২. বিহাৰঃ ০.৫২
৩. চত্তীশগড়ঃ ০.৫৫
৪. গোৱাঃ ০.৪৭
৫. গুজৰাটঃ ০.৬২
৬. হাৰিয়ানাঃ ০.৫৫
৭. ঝাৰখণ্ডঃ ০.৩৯
৮. কৰ্ণাটকঃ ০.৬৮ (প্ৰথম)
৯. কেৰালাঃ ০.৪৬
১০. মধ্য প্ৰদেশঃ ০.৫২
১১. মহাৰাষ্ট্ৰঃ ০.৬৬(দ্বিতীয়)
১২. উৰিশ্যাঃ ০.৫৩
১৩. পঞ্জাৱঃ ০.৩৭
১৪. ৰাজস্থানঃ ০.৪৪
১৫. তামিলনাডুঃ ০.৫৮
১৬. তেলেংগানাঃ ০.৭০ (তৃতীয়)
১৭. উত্তৰ প্ৰদেশঃ ০.৪৭
১৮. পশ্চিম বংগঃ ০.৪৯

অৰ্থনৈতিক ক্ষেত্ৰত উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ স্থানঃ

অৰ্থনৈতিক ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ প্ৰথম স্থানত আছে উত্তৰাখণ্ড। দ্বিতীয় স্থানত আছে ত্ৰিপুৰা আৰু তৃতীয় স্থানত অসম।

  • মিজোৰাম ০.৩৯
  • হিমাচল প্ৰদেশ ০.৪৫
  • ত্ৰিপুৰা ০.৫৫ (দ্বিতীয়)
  • জম্মু-কাশ্মীৰ ০.২৬
  • মেঘালয় ০.২৯
  • অসম ০.৫৫(তৃতীয়)
  • চিক্কিম ০.৪২
  • অৰুণাচল প্ৰদেশ ০.৩৯
  • মণিপুৰ ০.৪২
  • নাগালেণ্ড ০.২১
  • উত্তৰাখণ্ড ০.৬০ (প্ৰথম)

অৰ্থনৈতিক ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থানঃ

কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত অৰ্থনৈতিক ক্ষেত্ৰত প্ৰথম স্থানত আছে দিল্লী, তাৰপিছতে আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু তৃতীয় স্থানত আছে চণ্ডীগড়।

  • দমন আৰু দিউ
  • পুডুচেৰী ০.১৯
  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ০.৪২ (দ্বিতীয়)
  • চণ্ডীগড় ০.৩৮ (তৃতীয়)
  • লক্ষাদ্বীপ
  • দদ্ৰা আৰু নগৰ হাৱেলী
  • দিল্লী ০.৮৩ (প্ৰথম)

সমাজ কল্যাণ ক্ষেত্ৰত good governance indexত বৃহৎ ৰাজ্যৰ সমূহৰ স্থানঃ

কি কি বিষয়ৰ ওপৰত গুৰুত্ব দি সমাজ কল্যাণ ক্ষেত্ৰৰ সূচাংক নিৰ্ণয় কৰা হৈছে

সমাজ কল্যাণ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ প্ৰথম স্থানত থকা ৰাজ্যখন হৈছে চত্তীশগড়। দ্বিতীয় স্থানত আছে মধ্য প্ৰদেশ আৰু তৃতীয় স্থানত থকা ৰাজ্যখন হৈছে অন্ধ্ৰপ্ৰদেশ।

সমাজ কল্যাণ ক্ষেত্ৰত বিভিন্ন ৰাজ্যৰ সূচাংক সমূহ এনেধৰণৰ

১. অন্ধ্ৰ প্ৰদেশঃ ০.৫৭ (তৃতীয়)
২. বিহাৰঃ ০.৩২
৩. চত্তীশগড়ঃ ০.৬৫ (প্ৰথম)
৪. গোৱাঃ ০.২৮
৫. গুজৰাটঃ ০.৪১
৬. হাৰিয়ানাঃ ০.২৮
৭. ঝাৰখণ্ডঃ ০.৩৮
৮. কৰ্ণাটকঃ ০.৪৫
৯. কেৰালাঃ ০.৪৫
১০. মধ্য প্ৰদেশঃ ০.৬০ (দ্বিতীয়)
১১. মহাৰাষ্ট্ৰঃ ০.৪২
১২. উৰিশ্যাঃ ০.৫১
১৩. পঞ্জাৱঃ ০.৩৬
১৪. ৰাজস্থানঃ ০.৫১
১৫. তামিলনাডুঃ ০.৪৯
১৬. তেলেংগানাঃ ০.৪৬
১৭. উত্তৰ প্ৰদেশঃ ০.৩৫
১৮. পশ্চিম বংগঃ ০.৫৬

সমাজ কল্যাণ ক্ষেত্ৰত উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ স্থানঃ

সমাজ কল্যাণ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ প্ৰথম স্থানত আছে মেঘালয়। দ্বিতীয় স্থানত আছে চিক্কিম আৰু তৃতীয় স্থানত মিজোৰাম। সমাজ কল্যাণ ক্ষেত্ৰত নৱম স্থানত আছে অসম।

  • মিজোৰাম ০.৫৯ (তৃতীয়)
  • হিমাচল প্ৰদেশ ০.৪৮
  • ত্ৰিপুৰা ০.৪৯
  • জম্মু-কাশ্মীৰ ০.৪৬
  • মেঘালয় ০.৭৪ (প্ৰথম)
  • অসম ০.৩৪
  • চিক্কিম ০.৬৫ (দ্বিতীয়)
  • অৰুণাচল প্ৰদেশ ০.৪৩
  • মণিপুৰ ০.২৭
  • নাগালেণ্ড ০.১৭
  • উত্তৰাখণ্ড ০.৩৮

সমাজ কল্যাণ ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থানঃ

কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সমাজ কল্যাণ ক্ষেত্ৰত প্ৰথম স্থানত আছে দমন আৰু দিউ, তাৰপিছতে আছে দদ্ৰা আৰু নগৰ হাৱেলী আৰু তৃতীয় স্থানত আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।

  • দমন আৰু দিউ ০.৫৫ (প্ৰথম)
  • পুডুচেৰী ০.২৭
  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ০.৩৩ (তৃতীয়)
  • চণ্ডীগড় ০.২৯
  • লক্ষাদ্বীপ ০.২১
  • দদ্ৰা আৰু নগৰ হাৱেলী ০.৪৯ (দ্বিতীয়)
  • দিল্লী ০.২৩

ন্যায়িক আৰু ৰাজহুৱা সুৰক্ষাৰ ক্ষেত্ৰত good governance indexত বৃহৎ ৰাজ্যৰ সমূহৰ স্থানঃ

কি কি বিষয়ৰ ওপৰত গুৰুত্ব দি ন্যায়িক আৰু ৰাজহুৱা সুৰক্ষাৰ ক্ষেত্ৰৰ সূচাংক নিৰ্ণয় কৰা হৈছে

ন্যায়িক আৰু ৰাজহুৱা সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ প্ৰথম স্থানত থকা ৰাজ্যখন হৈছে তামিলনাডু। দ্বিতীয় স্থানত আছে কেৰালা আৰু তৃতীয় স্থানত থকা ৰাজ্যখন হৈছে চত্তীশগড়।

ন্যায়িক আৰু ৰাজহুৱা সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্যৰ সূচাংক সমূহ এনেধৰণৰ

১. অন্ধ্ৰ প্ৰদেশঃ ০.৩০
২. বিহাৰঃ ০.১৯
৩. চত্তীশগড়ঃ ০.০.৫০ (তৃতীয়)
৪. গোৱাঃ ০.৩৪
৫. গুজৰাটঃ ০.৩০
৬. হাৰিয়ানাঃ ০.২৬
৭. ঝাৰখণ্ডঃ ০.২৫
৮. কৰ্ণাটকঃ ০.৩৬
৯. কেৰালাঃ ০.৫৫(দ্বিতীয়)
১০. মধ্য প্ৰদেশঃ ০.৩৭
১১. মহাৰাষ্ট্ৰঃ ০.৪০
১২. উৰিশ্যাঃ ০.২৫
১৩. পঞ্জাৱঃ ০.৩০
১৪. ৰাজস্থানঃ ০.৪৯
১৫. তামিলনাডুঃ ০.৫৬(প্ৰথম)
১৬. তেলেংগানাঃ ০.২২
১৭. উত্তৰ প্ৰদেশঃ ০.২৩
১৮. পশ্চিম বংগঃ ০.২১

ন্যায়িক আৰু ৰাজহুৱা সুৰক্ষাৰ ক্ষেত্ৰত উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ স্থানঃ

ন্যায়িক আৰু ৰাজহুৱা সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ প্ৰথম স্থানত আছে হিমাচল প্ৰদেশ। দ্বিতীয় স্থানত আছে নাগালেণ্ড আৰু তৃতীয় স্থানত মিজোৰাম। ন্যায়িক আৰু ৰাজহুৱা সুৰক্ষাৰ ক্ষেত্ৰত একেবাৰে শেষৰ স্থানত আছে অসম।

  • মিজোৰাম ০.৫০ (তৃতীয়)
  • হিমাচল প্ৰদেশ ০.৫৪ (প্ৰথম)
  • ত্ৰিপুৰা ০.৪৭
  • জম্মু-কাশ্মীৰ ০.৩৫
  • মেঘালয় ০.৪০
  • অসম ০.২০
  • চিক্কিম ০.৪৮
  • অৰুণাচল প্ৰদেশ ০.৩২
  • মণিপুৰ ০.৪৬
  • নাগালেণ্ড ০.৫২(দ্বিতীয়)
  • উত্তৰাখণ্ড ০.৪৭

ন্যায়িক আৰু ৰাজহুৱা সুৰক্ষাৰ ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থানঃ

কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ন্যায়িক আৰু ৰাজহুৱা সুৰক্ষাৰ ক্ষেত্ৰত প্ৰথম স্থানত আছে পুডুচেৰী, তাৰপিছতে আছে চণ্ডীগড় আৰু তৃতীয় স্থানত আছে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ।

  • দমন আৰু দিউ ০.২৭
  • পুডুচেৰী ০.৭০ (প্ৰথম)
  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ০.৪৮ (তৃতীয়)
  • চণ্ডীগড় ০.৬৩ (দ্বিতীয়)
  • লক্ষাদ্বীপ ০.৩৪
  • দাদৰ আৰু নগৰ হাৱেলী ০.৩৮
  • দিল্লী ০.৪৭

পৰিৱেশৰ সম্পৰ্কীয় ক্ষেত্ৰত good governance indexত বৃহৎ ৰাজ্যৰ সমূহৰ স্থানঃ

কি কি বিষয়ৰ ওপৰত গুৰুত্ব দি পৰিৱেশৰ সম্পৰ্কীয় ক্ষেত্ৰৰ সূচাংক নিৰ্ণয় কৰা হৈছে

পৰিৱেশৰ সম্পৰ্কীয় ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ প্ৰথম স্থানত থকা ৰাজ্যখন হৈছে পশ্চিম বংগ। দ্বিতীয় স্থানত আছে কেৰালা আৰু তৃতীয় স্থানত থকা ৰাজ্যখন হৈছে তামিলনাডু।

পৰিৱেশৰ সম্পৰ্কীয় ক্ষেত্ৰত বিভিন্ন ৰাজ্যৰ সূচাংক সমূহ এনেধৰণৰ

১. অন্ধ্ৰ প্ৰদেশঃ ০.৪০
২. বিহাৰঃ ০.৫৬
৩. চত্তীশগড়ঃ ০.৫৪
৪. গোৱাঃ ০.১৪
৫. গুজৰাটঃ ০.৫৫
৬. হাৰিয়ানাঃ ০.৫৪
৭. ঝাৰখণ্ডঃ ০.৫৫
৮. কৰ্ণাটকঃ ০.৫৫
৯. কেৰালাঃ ০.৫৯(দ্বিতীয়)
১০. মধ্য প্ৰদেশঃ ০.৫৪
১১. মহাৰাষ্ট্ৰঃ ০.৫৪
১২. উৰিশ্যাঃ ০.৫৬
১৩. পঞ্জাৱঃ ০.৫৫
১৪. ৰাজস্থানঃ ০.৫৫
১৫. তামিলনাডুঃ ০.৫৮(তৃতীয়)
১৬. তেলেংগানাঃ ০.৪৯
১৭. উত্তৰ প্ৰদেশঃ ০.৫৫
১৮. পশ্চিম বংগঃ ০.৬৩(প্ৰথম)

পৰিৱেশৰ সম্পৰ্কীয় ক্ষেত্ৰত উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ স্থানঃ

পৰিৱেশৰ সম্পৰ্কীয় ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ প্ৰথম স্থানত আছে হিমাচল প্ৰদেশ। দ্বিতীয় স্থানত আছে উত্তৰাখণ্ড আৰু তৃতীয় স্থানত ত্ৰিপুৰা। পৰিৱেশৰ সম্পৰ্কীয় ক্ষেত্ৰত ষষ্ঠস্থানত স্থানত আছে অসম।

  • মিজোৰাম ৪.৪১
  • হিমাচল প্ৰদেশ ৫.২২ (প্ৰথম)
  • ত্ৰিপুৰা ৪.৫০ (তৃতীয়)
  • জম্মু-কাশ্মীৰ ৪.০৪
  • মেঘালয় ৩.৮১
  • অসম ৪.০৭
  • চিক্কিম ৪.২১
  • অৰুণাচল প্ৰদেশ ৩.০৩
  • মণিপুৰ ৩.৯৩
  • নাগালেণ্ড ৩.৫৫
  • উত্তৰাখণ্ড ৪.৮৭ (দ্বিতীয়)

পৰিৱেশৰ সম্পৰ্কীয় ক্ষেত্ৰত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থানঃ

কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত পৰিৱেশৰ সম্পৰ্কীয় ক্ষেত্ৰত প্ৰথম স্থানত আছে চণ্ডীগড়, তাৰপিছতে আছে দমন আৰু দিউ আৰু তৃতীয় স্থানত আছে পুডুচেৰী।

  • দমন আৰু দিউ ০.৬০ (দ্বিতীয়)
  • পুডুচেৰী ০.৫৬ (তৃতীয়)
  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ০.৫৪
  • চণ্ডীগড় ০.৬২ (প্ৰথম)
  • লক্ষাদ্বীপ ০.৫৪
  • দাদৰ আৰু নগৰ হাৱেলী ০.১৪
  • দিল্লী ০.১৭

সকলোবোৰ দিশ মিলাই সামগ্ৰিক ভাৱে good governance indexত বৃহৎ ৰাজ্যৰ সমূহৰ স্থানঃ

সামগ্ৰিক ভাৱে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ প্ৰথম স্থানত থকা ৰাজ্যখন হৈছে তামিলনাডু। দ্বিতীয় স্থানত আছে মহাৰাষ্ট্ৰ আৰু তৃতীয় স্থানত থকা ৰাজ্যখন হৈছে কৰ্ণাটক।

সামগ্ৰিক ভাৱে বিভিন্ন ৰাজ্যৰ সূচাংক সমূহ এনেধৰণৰ

১. অন্ধ্ৰ প্ৰদেশঃ ৫.০৫
২. বিহাৰঃ ৪.৪০
৩. চত্তীশগড়ঃ ৫.০৫
৪. গোৱাঃ ৪.২৯
৫. গুজৰাটঃ ৫.০৪
৬. হাৰিয়ানাঃ ৫.০০
৭. ঝাৰখণ্ডঃ ৪.২৩
৮. কৰ্ণাটকঃ ৫.১০ (তৃতীয়)
৯. কেৰালাঃ ৪.৯৮
১০. মধ্য প্ৰদেশঃ ৪.৮৫
১১. মহাৰাষ্ট্ৰঃ ৫.৪০ (দ্বিতীয়)
১২. উৰিশ্যাঃ ৪.৪৪
১৩. পঞ্জাৱঃ ৪.৫৭
১৪. ৰাজস্থানঃ ৪.৮০
১৫. তামিলনাডুঃ ৫.৬২ (সুশাসনৰ ক্ষেত্ৰত শ্ৰেষ্ঠ ৰাজ্য)
১৬. তেলেংগানাঃ ৪.৮৩
১৭. উত্তৰ প্ৰদেশঃ ৪.২৫
১৮. পশ্চিম বংগঃ ৪.৮৪

সকলোবোৰ দিশ মিলাই সামগ্ৰিক ভাৱে উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ স্থানঃ

সামগ্ৰিক ভাৱে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা good governance indexৰ উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চলসমূহৰ প্ৰথম স্থানত আছে হিমাচল প্ৰদেশ। দ্বিতীয় স্থানত আছে উত্তৰাখণ্ড আৰু তৃতীয় স্থানত ত্ৰিপুৰা। সকলোবোৰ দিশ মিলাই সামগ্ৰিক ভাৱে এই তালিকাত অসম আছে ষষ্ঠ স্থানত।

  • মিজোৰাম ৪.৪১
  • হিমাচল প্ৰদেশ ৫.২২ (প্ৰথম)
  • ত্ৰিপুৰা ৪.৫০ (তৃতীয়)
  • জম্মু-কাশ্মীৰ ৪.০৪
  • মেঘালয় ৩.৮১
  • অসম ৪.০৭
  • চিক্কিম ৪.২১
  • অৰুণাচল প্ৰদেশ ৩.০৩
  • মণিপুৰ ৩.৯৩
  • নাগালেণ্ড ৩.৫৫
  • উত্তৰাখণ্ড ৪.৮৭ (দ্বিতীয়)

সকলোবোৰ দিশ মিলাই সামগ্ৰিক ভাৱে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ স্থানঃ

কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সামগ্ৰিক ভাৱে প্ৰথম স্থানত আছে পুডুচেৰী, তাৰপিছতে আছে চণ্ডীগড় আৰু তৃতীয় স্থানত আছে দিল্লী।

  • দমন আৰু দিউ ৪.৩৩
  • পুডুচেৰী ৪.৬৯ (প্ৰথম)
  • আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ৪.১২
  • চণ্ডীগড় ৪.৬৮ (তৃতীয়)
  • লক্ষাদ্বীপ ২.৯৭
  • দাদৰ আৰু নগৰ হাৱেলী ৩.১২
  • দিল্লী ৪.৩৯ (তৃতীয়)

বিভিন্ন দিশত ৰাজ্য, উত্তৰ-পূব তথা পাৰ্বত্য অঞ্চল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি ওপৰৰ তালিকা সমূহ আমাৰ নহয়। এখন দেশ বা ৰাজ্যৰ সুশাসনৰ বাবে প্ৰয়োজন হোৱা সকলোবোৰ দিশ মিলাই কেন্দ্ৰীয় চৰকাৰে নিজেই প্ৰস্তুত কৰিছে এই তালিকা।

সকলোবোৰ দিশ মিলাই সামগ্ৰিক তালিকা

লক্ষ্যণীয়ভাৱে ১০ টা উল্লখেযোগ্য দিশৰ ভিতৰত তুলনামূলকভাৱে অসম সকলো দিশতে পিছপৰি আছে। অৱশ্যে এনে তালিকা প্ৰস্তুত কৰাৰ মূল লক্ষ্যই হৈছে পিছ পৰি থকা ৰাজ্য বা অঞ্চলসমূহ কিয় পিছপৰি আছে তাৰ কাৰণতো বিচাৰি উলিওৱা।

গতিকে নৱবৰ্ষৰ প্ৰাকমূৰ্হুতত কেন্দ্ৰৰ এনে এক তালিকাত সকলো ক্ষেত্ৰতে অসমৰ স্থান সন্তোষজনক স্থানত নেদেখি সচেতন মহলে চিন্তিত হোৱাতো স্বাভাৱিক। শাসনাধিষ্ঠ চৰকাৰখনেও নিজৰ দলৰে কেন্দ্ৰীয় চৰকাৰখনে প্ৰস্তুত কৰা এই তালিকাত চকু ফুৰাই নতুন বছৰত ন উদ্যমেৰে আগবঢ়াতো সকলোয়ে কামনা কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in