গোৱালপাৰাত শোকাৱহ ঘটনা

গোৱালপাৰাত শোকাৱহ ঘটনা

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰাত পুনৰ লাডেল নামৰ বন্যহস্তীৰ সন্ত্ৰাসত প্ৰাণ গল এজন লোকৰ। মৰনৈ আৰক্ষী থানাৰ অন্তৰ্গত হাৰিমুৰা উদয়পুৰত সোমবাৰে নিশা অকলশৰীয়া লাডেন' নামৰ বন্যহস্তীয়ে হঠাৎ গাৱখনত প্ৰৱেশ কৰে আৰু ডম্বৰু প্ৰসাদ ভট্টাৰাই (৬৭) নামৰ বৃদ্ধা গৰাকীক গছকি নিহত কৰে৷

ইয়াতে ক্ষান্ত নাথাকি নিহত পৰিয়ালৰ দুটাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধান-চাউল খাই তহিলং কৰে বন্যহস্তীয়ে৷ আনহাতে পৰিয়ালৰ আন সদস্যসকল কথমপি লাডেনৰ আক্ৰমনৰ পৰা ৰক্ষা পৰে৷ এই ঘটনাৰ পিছতে পৰিয়ালটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷ ঘটনাস্থলীৰ পৰা ৰাইজে ফটকা ফুটাই, টিন বজাই লাডেনক গাৱৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় যদিও লোকজন থিতাতে নিহত হয়৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি লাডেন নামৰ পগলা হাতীটোৱে ইয়াৰ পূৰ্ৱেও উদয়পুৰ গাৱত সন্ত্ৰাস চলাই কেইবাজনো লোকক নিহত কৰাৰ লগতে বাসগৃহ লণ্ডভণ্ড কৰি সা-সম্পত্তি বিনষ্ট কৰি আহিছে৷ কিন্তু বন বিভাগ কিম্বা চৰকাৰৰ এতিয়ালৈ লাডেন নামৰ সন্ত্ৰাস সৃষ্টিকাৰী বন্যহস্তীটোৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ ৰাইজক নিৰাপত্তা দিয়াত বন বিভাগ অক্ষম হোৱাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ ফলত বাৰে বাৰে গাঁৱৰ লোকসকল লাডেনৰ আক্ৰমণৰ বলি হবলগীয়া হোৱা বুলিও অভিযোগ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in