বিধেয়কৰ বিৰুদ্ধে গৰজি উঠিল গোলাঘাটৰ শিখ সমাজ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, গোলাঘাটঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে মঙলবাৰে বিধেয়কখনৰ বিৰুদ্ধে গৰজি উঠিল গোলাঘাটৰ শিখ সমাজ। বিতৰ্কিত বিধেয়কখনৰ তীব্ৰ বিৰোধীতা কৰি গোলাঘাট গুৰুদুৱাৰৰ প্ৰাক্তন সভাপতি লক্ষী সিঙে কয় যে, অসমৰ অস্তিত্ব বিপন্ন কৰিবপৰা এই বিধেয়কখন কোনো কাৰণতে গৃহীত হ'বলৈ দিয়া নহ'ব। বিধেয়কখন বিৰোধিতা কৰাৰ স্বাৰ্থত গোলাঘাটৰ শিখ সম্প্ৰ্দায়ৰ লোকসকলে অসমীয়া সৈতে একগোট হৈ প্ৰতিবাদ কৰি যাব বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in