দিনজোৰা কাৰ্যসূচীৰে গোলাঘাট দণ্ডধৰ বালিকা বিদ্যালয়ৰ ৮১ সংখ্যক বৰ্ষপূৰ্তি উদযাপন…

দিনজোৰা কাৰ্যসূচীৰে গোলাঘাট দণ্ডধৰ বালিকা বিদ্যালয়ৰ ৮১ সংখ্যক বৰ্ষপূৰ্তি উদযাপন…

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ নাৰী শিক্ষাৰ এক ঐতিহ্য মণ্ডিত শিক্ষানুষ্ঠান দণ্ডধৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সমালোচনা শনিবাৰে অনুষ্ঠিত হৈ যায় । স্ত্ৰী শিক্ষাৰ সুচল ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি একাংশ দূৰদৰ্শী লোকৰ মহৎ আৰু আন্তৰিক প্ৰচেষ্টাৰ ফচল এই বিদ্যালয় খনি ১৯৪০ চনতে স্থাপন কৰা হৈছিল। যোৱা ২০১৯ বৰ্ষত বিদ্যালয় খনিৰ প্ৰাক্তন ছাত্ৰীৰ সমাৰোহৰ আয়োজন কৰা হৈছিল যদিও কাল কোৰোনাৰ বাবে সেই সমাৰোহ স্থগিত ৰাখিব লগীয়া হৈছিল।

এইবাৰ বিদ্যালয়খনিৰ ৮১ সংখ্যক বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি আজি দিনজোৰা কাৰ্যসুচীৰে প্ৰাক্তন ছাত্ৰী সমাৰোহখনি আড়ম্বৰ পূৰ্ণভাৱে অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়খনিৰ প্ৰধান শিক্ষক নেকিবুৰ ৰহমানে। শ্বহীদ তাৰ্পণ কৰে অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰভাত শাইকীয়াই। বৃক্ষ ৰূপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰাণা কলিতা আৰু তৰুণ শইকীয়াই। ইয়াৰ পাছতে আৰম্ভ হোৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে পৰিক্ষীত দত্তই।

দুপৰীয়া ৰীণা শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিদ্যালয়খনিৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰী সকলৰ লগতে বহু শোভাকাংক্ষীয়েও অংশগ্ৰহণ কৰে। এই সভাতেই স্মৃতি গ্ৰন্থখনি উন্মোচন কৰে গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই। সন্ধিয়া ৫ বজাৰ পৰা বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰী সকলৰ এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে উদযাপন সমিতিৰ সভাপতি ৰীণা শইকীয়া আৰু সম্পাদিকা মিনাক্ষী ফুকনে সকলো লৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in