হাতীৰ জাকৰ কাষতে শিল ভঙা জালান বাহিনীলৈ আৰক্ষীৰ ভয় কিয়?

হাতীৰ জাকৰ কাষতে শিল ভঙা জালান বাহিনীলৈ আৰক্ষীৰ ভয় কিয়?

ডিজিটেল সংবাদ, গোলাঘাটঃ সমগ্ৰ ৰাজ্যতে হস্তী-মানৱৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে কাজিৰঙা-কাৰ্বি আংলং ইণ্টাংকি হস্তী প্ৰকল্পত বিস্ফোৰণ ঘটাই শিল সংগ্ৰহ কৰাৰ ফলত অঞ্চলটোত বিচৰণ কৰি থকা বনৰীয়া হাতী দিশহাৰা হৈ জনাঞ্চলত প্ৰৱেশ কৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে। দলামৰা আৰক্ষী থানাৰ সমীপতে শিল মাফিয়াই বিস্ফোৰণ ঘটাই স্বয়ংক্ৰিয়ভাৱে শিল ভঙা মেচিন বহুৱাই দৈনিক শিল কঢ়িয়াবৰ বাবে শ শ ডাম্পাৰ চলাচল কৰাত হস্তী প্ৰকল্পলৈ ভাবুকি আহি পৰিছে।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী আৰু ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষণৰ বাবে দহ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনোধৰণৰ বিস্ফোৰণ ঘটাই শিল খননকে ধৰি কোনো উদ্যোগ স্থাপন কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয় আৰু ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ কঠোৰ নিষেধাজ্ঞা থকাৰ পিছতো ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপতে শিল মাফিয়াই কাৰ্বি আংলং জিলাৰ বন বিভাগ আৰু আৰক্ষীৰ একাংশ লোকক মেনেজ কৰি অবৈধভাৱে শিল খনন কাৰ্য চলাই গৈছে।

ৰাজ্য চৰকাৰে শিলৰ নাটনিৰ বাবে উন্নয়নৰ কামত বাধা আহি পৰিছে বুলি প্ৰচাৰ চলাই থকাৰ সময়তে এই শিল মাফিয়াই হস্তী প্ৰকল্পত বিস্ফোৰণ ঘটাই শিল আহৰণ কৰি থকাৰ পিছতো এই পৰ্যন্ত ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। বিষয়টো সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ত সবিস্তাৰে বাতৰি প্ৰকাশৰ পিছতে দলামৰা আৰক্ষীয়ে যোৱা ১৭ নৱেম্বৰত এখন শিল ভৰ্তি ট্ৰাক জব্দ কৰি দায়িত্ব শেষ কৰে। জানিব পৰা মতে, উক্ত শিল ব্যৱসায়ী বোকাখাতৰ বিনোদ জালান, তেওঁৰ ভাতৃ অজিত জালান, সমীৰ ম'ৰকে ধৰি একাংশ শিল মাফিয়াই পথৰ কাষতে মুকলি বিস্ফোৰণ ঘটাই শিল আহৰণ কৰি আছে যদিও আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সাহস গোটাব পৰা নাই।

আন এক সূত্ৰই সদৰী কৰা মতে, দলামৰা অঞ্চলত থকা শিল কোৱাৰীসমূহৰ আৱণ্টন কেতিয়াবাই উকলি গ'ল যদিও শিল মাফিয়াই বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰি অঞ্চলটোত উক্ত কাৰ্য অব্যাহত ৰাখিছে। সূত্ৰটোৰ মতে, জিলাখনৰ ৰংবংৱে আৰ৭ী থানাৰ অন্তৰ্গত ৯টা শিল কোৱাৰী সম্পৰ্কে আৰক্ষীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত তথ্য দাখিল কৰিছে। ইমানৰ পিছতো হস্তী প্ৰকল্পটোত চক্ৰটোৱে কিদৰে শিলৰ খনন অব্যাহত ৰাখিব পাৰিছে বুলি সৰ্বত্ৰে চৰ্চা চলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in