গোলাঘাটত অৰিয়েণ্টেল বেংক অৱ কমাৰ্চৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

গোলাঘাটত অৰিয়েণ্টেল বেংক অৱ কমাৰ্চৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, গোলাঘাটঃ দেশৰ অন্যতম নিৰ্ভৰযোগ্য বিত্তীয় প্ৰতিষ্ঠান অৰিয়েণ্টেল বেংক অৱ কমাৰ্চৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে বিত্তীয় প্ৰতিষ্ঠানটোৰ গোলাঘাট শাখাত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যৰ এগৰাকী আগশাৰীৰ পুথি প্ৰকাশক ক্ষীৰোদ কুমাৰ গোস্বামীয়ে কেক কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।

অনুষ্ঠানত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মণিমালা গগৈ, বিশিষ্ট নাগৰিক জ্ঞান জ্যোতি নাথ, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি বিকাশ শৰ্মা আৰু সাধাৰণ সম্পাদক ৰোহিত গগৈ আদিয়েও অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই বেংকৰ শাখা পৰিচালক বিবেকানন্দ ঝাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in